31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত শিৱসাগৰতঃ জেৰেঙা পথাৰত উপস্থিত হৈ অসমীয়া ভাষাত লাখ লাখ লোকক সম্বোধন

    শিৱসাগৰ জেৰেঙা পথাৰৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিৱসাগত । শিৱসাগৰত উপস্থিত হৈ অসমীয়া ভাষাত সম্বোধন কৰিলে উপস্থিত ৰাইজক। শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা আহিছে বিজেপিৰ বহু নেতা কৰ্মীৰ লগতে ৰাইজ।

    যোৰহাট বিমানবন্দৰৰ পৰা হেলিকপ্টাৰে প্ৰধানমন্ত্ৰী গৰাকী আহি উপস্থিত হয় শিৱসাগৰ জেৰেঙা পথাৰত চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ অসম আৰক্ষী তথা জিলা প্ৰশাসনৰ। অসমৰ খিলঞ্জীয়া ভূমিহীন এক লাখ লোকক মাতিৰ পট্টা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নৰেন্দ্ৰ মোদীয়ে। তিনিচুকীয়া জিলাৰ ব্ৰজেন মহনক প্ৰথম মাটিৰ পট্টা প্ৰদান কৰিলে মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰত উপস্থিত হোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰে ৰাজ্যিক বিজেপি। প্ৰধানমন্ত্ৰী মোদীৰ সভাত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ভালে কেইজন মন্ত্ৰী বিধায়ক উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds