31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    দুর্গা পূজা সমাগতঃ কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

    পূজা মণ্ডপত অগ্নিনির্বাপনৰ ব্যৱস্থা ৰখাৰ লগতে প্ৰতিখন পূজা সমিতিয়ে শব্দপ্ৰদূষণৰ নিয়ম মানি চলিব লাগিব। প্ৰতিটো পূজা মণ্ডপত পূজা সমিতিসমূহে চিচি টিভি স্থাপনৰ লগতে নিশালৈকে পূজাস্থলীত স্বেচ্ছাসেৱক থকাৰ ব্যৱস্থা কৰিব লাগিব।

    দুর্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসনে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। পূজাৰ সময়ত গুৱাহাটীত দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ লোকনিৰ্মাণ বিভাগক আৰক্ষী প্ৰশাসনে সকলো পথৰ নিৰ্মাণ কাৰ্য পূজাৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে। Durga Puja 2025 Dates, Calendar & Celebrationsপথত কোনো ধৰণৰ নিৰ্মাণ সামগ্ৰী থাকিব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি পথত থকা গাঁতসমূহো বিভাগে অতি শীঘ্ৰে পোতাৰ ব্যৱস্থা কৰাৰ লগতে মহনগৰীৰ পথত কোনো ধৰণৰ নতুন গাঁত খন্দা অথবা আন কোনো কাম পূজাৰ পূৰ্বে কোনো বিভাগে কৰিব নোৱাৰিব বুলিও নিৰ্দশনাটোত উল্লেখ কৰা হৈছে। ৰাজহুৱা স্থানত পূজামণ্ডপ নিৰ্মাণৰ বাবে প্ৰশাসনৰ অনুমতি ল’ব লাগিব বুলি নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ কৰাৰ লগতে দুৰ্ঘটনা প্ৰতিৰোধ ব্যৱস্থাৰ প্ৰমাণপত্ৰ আগতিয়াকৈ প্ৰশাসনক জমা দিব লাগিব। Guwahati | India, Map, History, & Facts | Britannicaপূজা মণ্ডপত অগ্নিনির্বাপনৰ ব্যৱস্থা ৰখাৰ লগতে প্ৰতিখন পূজা সমিতিয়ে শব্দপ্ৰদূষণৰ নিয়ম মানি চলিব লাগিব। প্ৰতিটো পূজা মণ্ডপত পূজা সমিতিসমূহে চিচি টিভি স্থাপনৰ লগতে নিশালৈকে পূজাস্থলীত স্বেচ্ছাসেৱক থকাৰ ব্যৱস্থা কৰিব লাগিব। পূজা সমিতিসমূহে হেল্প ডেস্ক আৰু চিকিৎসা ডেস্কৰো ব্যৱস্থা কৰিব লাগিব। তদুপৰি পূজা সমিতিৰ স্বেচ্ছাসেৱকসমূহৰ তালিকা আৰক্ষীক আগতিয়াকৈ জমা দিব লাগিব। পূজা মণ্ডপৰ ১০০ মিটাৰ ব্যাসাৰ্ধত কোনো পার্কিং জ’নৰ ব্যৱস্থা কৰিব নোৱাৰিব। লগতে বিসৰ্জনৰ সময়ত ফটকাজাতীয় সামগ্ৰী ব্যৱহাৰতো বাধা আৰোপ কৰা হৈছে।
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds