Thursday, May 29, 2025
26.9 C
Guwahati
TOP NEWS:

ডি পি এছ, গুৱাহাটীত দুদিনীয়া আঞ্চলিক বিজ্ঞান প্ৰদৰ্শনীৰ সামৰণি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

গুৱাহাটীঃ গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া আহোমগাওঁস্থিত দিল্লী পাব্লিক স্কুলৰ উদ্যোগত ৮ আৰু ৯ নৱেম্বৰত দুদিনীয়া
কাৰ্যসূচীৰে চি বি এছ ইৰ আঞ্চলিক পৰ্যায়ৰ বিদ্যালয় প্রদর্শনীখন অনুষ্ঠিত হয়। প্ৰদৰ্শনীত গুৱাহাটী মণ্ডলৰ অধীনত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন প্রকল্প প্ৰদৰ্শন কৰা হয়। ৯ নৱেম্বৰৰ বিয়লি অনুষ্ঠিত সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিজ্ঞান আৰু প্রযুক্তি বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক নৰেন্দ্ৰ এছ চৌধুৰী।

দুদিনীয়া এই অনুষ্ঠানৰ জৰিয়তে ছাত্র-ছাত্রী, শিক্ষাবিদ আৰু অভিভাৱকসকলক একত্ৰিত কৰি বৈজ্ঞানিক উদ্ভাৱনৰ পৰা আৰম্ভ কৰি বহনক্ষম পদ্ধতিলৈকে চিবিএছইৰ সৈতে জড়িত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা আৰু পৰিশ্ৰমৰ ওপৰত আলোকপাত কৰা হয়। উক্ত প্ৰদৰ্শনীৰ পৰা চি বি এছ ই দিল্লীৰ দ্বাৰা মনোনীত এক বিশেষ জুৰী দলৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণৰ বাবে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈ মুঠ পাঁচখন তথা নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ মুঠ
৬ খন বিদ্যালয়ক নির্বাচিত কৰা হয়।

ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ যোগ্যতা অৰ্জন কৰা এই বিদ্যালয়কেইখন হ’ল দিল্লী পাব্লিক স্কুল, গুৱাহাটী, দিল্লী পাব্লিক স্কুল, অ’এনজিচি, নাজিৰা, মহর্ষি বিদ্যা মন্দিৰ, ৰামকৃষ্ণ মিছন বিদ্যালয় আৰু আমি পাব্লিক স্কুল, শ্বিলং। একেদৰে নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ যোগ্যতা অর্জন কৰা বিদ্যালয় কেইখন হ’ল- আর্মি পাব্লিক স্কুল, শ্বিলং, ছেইন্ট ফ্রান্সিছ ডে চেলচ হায়াৰ ছেকেণ্ডেৰী স্কুল, গুৱাহাটী ষ্টাৰ পাব্লিক স্কুল, আর্মি পাব্লিক স্কুল, নাৰেংগী, মাৰিয়া পাব্লিক স্কুল আৰু আর্মি পাব্লিক স্কুল, তেজপুৰ।

- Advertisement -

Hot this week

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

ASSAM RIFLES RECOVERS HEROIN WORTH ₹3.5 CRORE IN CACHAR DISTRICT, ASSAM

In a decisive blow to narco trafficking in the...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
26.1 ° C
26.1 °
26.1 °
85 %
1.4kmh
100 %
Wed
26 °
Thu
26 °
Fri
24 °
Sat
30 °
Sun
28 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds