♦টিহুঃ টিহু মহকুমাত ৮ মে’ত পুনৰ ১৯ গৰাকী লোকৰ শৰীৰত ক’ৰ’নাৰ অৱস্থিতি পোৱা হৈছে। ইয়াৰে টিহু নগৰৰ ১ নম্বৰ ৱাৰ্ড, জলখানা, কঁঠালমূৰা, হাৰিভাঙা, মাখিবাহাৰ চৌধুৰীপাৰা, মথুৰাপুৰ, টিহু, বৰপিত, পাকা, কৰ্দৈতলাৰ একোগৰাকী লোকৰ শৰীৰত ক’ৰ’নাৰ অৱস্থিতি পোৱাৰ বিপৰীতে টিহু অগ্নিনিৰ্বাপক কাৰ্যালয়, গোৱৰাদল, যমুনাট্টাৰীত দুগৰাকীকৈ আৰু নিজখানাত তিনিগৰাকীৰ শৰীৰত ক’ৰ’নাৰ অৱস্থিতি পোৱা বুলি টিহু এফ আৰ ইউ চিকিৎসালয়ৰ ক’ৰ’নাৰ ব্যৱস্থাপনা বিভাগৰ দায়িত্ববাহী পুলকেশ দাসে জনাইছে । ইয়াৰে ১৭ গৰাকীক মাখিবাহাত থকা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । অন্যসকলক ঘৰত নিজাববীয়াকৈ আছুতীয়াভাৱে থকাৰ ব্যৱস্থা কৰোৱা হৈছে । ইয়াকে লৈ টিহু মহকুমাত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৬৯ গৰাকীলৈ বৃদ্ধি পালে । ইপিনে ক’ৰ’নাত আক্ৰান্ত এক নম্বৰ নাথকুছিৰ নৰেশ্বৰ কলিতাই ঘৰত নিজাববীয়াকৈ আছুতীয়াভাৱে থাকোঁতে স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আজি বিভাগীয় কৰ্তৃপক্ষই নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইফালে, নলবাৰী জিলা উপায়ুক্ত পূৰৱী কোঁৱৰে ৮ মে’ত হঠাতে মাথিবাহাস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনত চলি থকা ক’ৰ’না চিকিৎসা ব্যৱস্থাৰ বুজ লয় ।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg