31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    জুৰোডত বিল্ডাৰৰ অত্যাচাৰত ৰাজপথত অনসন ভুক্তভোগী পৰিয়ালৰ

    গুৱাহাটীঃ গুৱাহাটী মহানগৰীত একাংশ বিল্ডাৰৰ ময়মতালীত গৃহহীন হোৱাৰ উপক্ৰম হৈছে একাংশ পৰিয়াল। বহিঃৰাগত বিল্ডাৰে বলপূর্বকভাৱে ভূমি দখল কৰি পৌৰ নিগমৰ নীতি-নিয়ম উলংঘা কৰি বৃহৎ অট্টালিকা নিৰ্মাণ কৰাৰ পিছতে আৰক্ষী প্রশাসনে এইসকল বিল্ডাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই। একাংশ ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত বহিৰাগত বিল্ডাৰে ভূমি দখলৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ লগতে ভূমিৰ গৰাকীক দাবী-ধমকি দি আহিছে।

    এনে এক ঘটনা সংঘটিত হৈছে মহানগৰীৰ জুৰোডত। জুৰোডৰ বাসিন্দা তথা সমাজকৰ্মী ৰাজকুমাৰ বৈশ্যৰ ৪ লেচা ভূমি বিল্ডাৰ পৱন আগৰৱালাই বেদখল কৰি অবৈধ নির্মাণ কাৰ্য চলোৱা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আজি গুৱাহাটীৰ প্ৰেছ ক্লাবত এক সংবাদমেলত ভুক্তভোগী পৰিয়ালটোৱে অভিযোগ কৰা অনুসৰি বির্তকিত বিল্ডাৰজনে ৰাজকুমাৰ বৈশ্যৰ ভূমিত ১২৭০ ফুট বর্গ এলেকা অবৈধভাবে নিৰ্মাণ কৰিছে। তদুপৰি তেওঁ ৰাজকুমাৰ বৈশ্যৰ নামত থকা এটা পার্কিং উক্ত অট্টালিকাত বাস কৰা এটা পৰিয়ালক গোপনে বিক্ৰী কৰিছে। সংবাদ মেলত ৰাজকুমাৰ বৈশ্যই কৰা অভিযোগ অনুসৰি চুক্তি মতে বিল্ডাৰগৰাকীয়ে আদায় দিবলগীয়া ২৫ লাখ টকা আজি পর্যন্ত আদায় দিয়া নাই। আনহাতে ভূমিৰগৰাকী বৈশ্যক উক্ত অট্টালিকাৰ পৰা বেদখল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ উপৰি বিভিন্ন সময়ত গুণ্ডাবাহিনী লগাই তেওঁক বিল্ডাৰজনে অত্যাচাৰ চলোৱাৰ বুলি তেওঁ কয়। ইতিমধ্যে বিল্ডাৰজনৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালটোৱে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে গোচৰ ৰুজু কৰা নাই বুলি তেওঁ জানিবলৈ দিছে। সেয়েহে মুখ্যমন্ত্রী ড০ শৰ্মাৰ হস্তক্ষেপ বিচাৰি পৰিয়ালটোৱে অৱশেষত ৰাজপথত আমৰণ অনসনৰ সিদ্ধান্ত গ্রহণ কৰিছে। আজিৰ সংবাদমেলত ভুক্তভোগী ৰাজকুমাৰ বৈশ্যৰ মাতৃ কিৰণ বৈশ্য, ভগ্নী ববীতা বৈশ্য লহকৰ তথা সমাজকর্মী হীৰা আৰনধৰাৰ লগতে কেবাগৰাকী ব্যক্তি উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds