31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    জি আই পি এছ – তেজপুৰত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন বিশ্ব ফাৰ্মাচিষ্ট দিৱস

     

    জি আই পি এছ – তেজপুৰত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন বিশ্ব ফাৰ্মাচিষ্ট দিৱস

    আজি ২৫ ছেপ্তেম্বৰ, বিশ্ব ফাৰ্মাচী দিৱস। এই উপলক্ষে তেজপুৰৰ কুন্দাৰবাৰীস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ্ ফাৰ্মাচিউটিকেল ছায়েন্সত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। পুৱা ১০ বজাত প্ৰতিষ্ঠান চৌহদত শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত পতাকা উত্তোলনৰ দ্বাৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। পতাকা উত্তোলন কৰে প্ৰতিষ্ঠানখনৰ অধক্ষ্য ড° আব্দুল বাকী আহমেদে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জি আই এম টি – তেজপুৰৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° ডিপল বৰুৱা। বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে প্ৰতিষ্ঠানখনত এক উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হয়। সন্মানীয় অধক্ষ্যদ্বয়ে বন্তি প্ৰজ্জ্বলনৰ লগে লগে চেমিনাৰ হলত মুকলি সভা অনুষ্ঠিত হয়। সভাৰ আদৰণি ভাষণত অধক্ষ্য ড° আহমেদে ফাৰ্মাচিষ্ট দিৱসৰ যথাৰ্থতা, ইয়াৰ ইতিহাস তথা প্ৰয়োজনীতাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰি বিশ্ব ফাৰ্মাচিষ্ট দিৱস ২০২১ বৰ্ষৰ বিষয়বস্তু “Pharmacy : Always Trusted for Your Health” সন্দৰ্ভত এক মননশীল বক্তৃতা আগবঢ়াই। আমন্ত্ৰিত অতিথিৰ ভাষণত ড° ডিপল বৰুৱাই ফাৰ্মাচিষ্ট সকলক ডাক্তৰ আৰু ৰোগীৰ মাজত এখন শাকো বুলি উল্লেখ কৰে, যিখন শাকো ফাৰ্মাচিষ্ট পেছাদাৰী সকলে সমাজৰ সহযোগত সুদৃঢ় কৰি ল’ব লাগিব বুলি তেওঁ কয়। সমান্তৰালভাবে কেইবাজনো অধ্যাপক তথা ছাত্ৰ-ছাত্ৰীয়ে সভাত বক্তৃতা প্ৰদান কৰে। তাৰপাছত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিভিন্ন প্ৰতিভা প্ৰদৰ্শন কৰে। ডি°ফাৰ্ম দ্বিতীয় বৰ্ষৰ ছাত্ৰসকলে চিকিৎসা আৰু অন্ধবিশ্বাসক মূল বিষয়বস্তু হিচাপে লৈ এখন সজাগতা মূলক নাট মঞ্চস্থ কৰে। ছাত্ৰ সিদ্ধান্ত শৰ্মাই ফাৰ্মাচীৰ পিতৃ বুলি অভিহিত গেলনৰ চিত্ৰ থিতাতে অংকন কৰাৰ লগতে বিভিন্নজনে গীত-নৃত্য প্ৰদৰ্শন কৰে। অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই সহ: অধ্যাপক তথা অনুষ্ঠানটোৰ পৃষ্ঠপোষক সন্দীপন চৌধুৰীয়ে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.