Tuesday, August 26, 2025
33.7 C
Guwahati
TOP NEWS:

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন

- Advertisement -

জালুকবাৰী: জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ নৱমখন বৈঠকখন ২৭ ডিচেম্বৰত উপ সভানেত্ৰী ডঃ সন্ধ্যা পাঠকৰ সভাপতিত্বত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় l বৈঠকৰ আৰম্ভণিতে শিক্ষাবিদ ডঃ প্ৰদীপ গোস্বামী , কবি মীৰা ঠাকুৰ, গায়ক সূৰ্য দাস, প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং, জাকিৰ হুছেইনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।

আৰম্ভণিতে শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে l আৰম্ভণিতে ৰুণুমী নাথে ভজন পৰিবেশন কৰে। স্ব-ৰচিত লেখা পাঠ অনুষ্ঠানত কবিতা পাঠ কৰে অঞ্জু দত্ত শইকীয়া, মামনি ভট্টাচাৰ্য , অঞ্জনা ৰাণী ভট্টাচাৰ্যই। প্ৰৱন্ধ পাঠ কৰে দীপ্তি ৰেখা পাঠক মজুমদাৰ, পূৰবী ফুকনে। অনুভৱ ব্যক্ত কৰে ৰেখা বৈশ্যই। শিশু গল্প পাঠ কৰে মামণি শৰ্মাই । ভাষণ আগবঢ়াই ডঃ দীপালী দত্ত , ডঃ মীনা দেৱীয়ে । গীত পৰিবেশন কৰে নিৰ্মালী গোস্বামী আৰু মল্লিকা বৰাই । কবিতা আবৃত্তি কৰে সম্পাদিকা গীতিকা দাসে। এটি সমবেত সঙ্গীত পৰিৱেশন কৰে ৰুণুমী নাথ, ৰেখা বৈশ্য , মল্লিকা বৰা, বিজু মেধিয়ে। ডঃ সন্ধ্যা পাঠকৰ সভাপতিৰ মন্তব্যৰ পাছত শলাগৰ শৰাই আগবঢ়াই অঞ্জনা ৰাণী ভট্টাচাৰ্যই। অসম সংগীতেৰে বৈঠকৰ সামৰণি পৰে ।

Hot this week

Topics

আহোমসকলৰ শাসনকালৰ কাৰ্যাৱলীক বুজিবলৈ সহায়ক গ্ৰন্থ : ‘আহোম বুৰঞ্জী-কোষ’

‘আহোম বুৰঞ্জী-কোষ’ হৈছে আহোমসকলৰ শাসন কালৰ কাৰ্যাৱলী ভালদৰে আৰু...

২০ তম পানবাৰী অসম আৰক্ষী বাহিনীৰ ছাউনিত উলহ মালহৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

● পৰ্বতঝোৰা: আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা...

হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাইঃ জয়ন্ত বসুমতাৰী

পৰ্বতঝোৰাঃ বিটিআৰত আৰম্ভ হৈছে নিৰ্বাচনী যুদ্ধ। শাসক বিৰোধী নেতাৰ...

Related Articles

Popular Categories

Assam
overcast clouds
31.7 ° C
31.7 °
31.7 °
71 %
1.9kmh
100 %
Tue
32 °
Wed
33 °
Thu
32 °
Fri
26 °
Sat
27 °