১৮৭৫ চনৰ ৩১ অক্টোবৰত জন্ম হৈছিল লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ।
দেশক একতাৰ ডোলেৰে বান্ধিবলৈ সক্ষম হোৱা এইগৰাকী মহা মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্মজয়ন্তী দেশজুৰি উদযাপন কৰি থকা হৈছে ৩১ অক্টোবৰৰ পৰা ।
চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্মজয়ন্তী লগত সংগতি ৰাখি আজি শিৱসাগৰ বৰপুখুৰীৰ পাৰত উলিওৱা হয় একতা তথা সম্প্ৰীতিৰ পদযাত্ৰা ।
জিলা প্ৰশাসনৰ উদ্যোগত উলিওৱা একতাৰ পদযাত্ৰাৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে বিধায়ক সুশান্ত বৰগোঁহায়ে।
একতা , সম্প্ৰীতিৰ বাণী বিলাই উলিওৱা হয় এই পদযাত্ৰা।




