Saturday, May 17, 2025
27.3 C
Guwahati

চৰকাৰৰ দুমুখীয়া নীতিৰ বাবেই ভাষাক লৈ দুষ্কাৰ্য, বাথানট্টাৰী ধৰ্মীয় সভা সম্পন্ন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

■ নলবাৰী : টিহু মহকুমাৰ ওচৰৰ বাথানট্টাৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত ২০ অক্টোবৰত বাথানট্টাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে অষ্টম সংখ্যক বাথানট্টাৰী ধৰ্মীয় সভা মহোৎসৱ সম্পন্ন হয় । এই উপলক্ষে বাথানট্টাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি প্ৰহ্লাদ হালৈৰ পৌৰোহিত্যত আয়োজিত এখন ধৰ্মালোচনা সভাত বিশিষ্ট অতিথি হিচাপে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই ভাগ লয় । ভাষণ প্ৰসংগত তেওঁ কয় যে বৰাকত অসমীয়া ফলকত বঙালী লোকে ক’লা ৰং সানি অসমীয়া ভাষাৰ প্ৰতি একাংশ বঙালী লোকৰ এতিয়াও যে
নিকৃষ্ট মনোভাব আছে, সেয়া প্ৰকট কৰিছে । ৰাজ্য ভাষা প্ৰয়োগ নীতি কাৰ্যকৰণত চৰকাৰৰ দুমুখীয়া নীতিৰ বাবেই ভাষাক লৈ এই সকলো দুষ্কাৰ্য সংঘটিত হৈছে । চৰকাৰক ৰাজ্য ভাষা প্ৰয়োগ নীতি কাৰ্যকৰণৰ বাবে দাবী জনাই তেওঁ কয় — সকলো অসমীয়াই অসমীয়া ভাষা ভালদৰে চৰ্চা আৰু প্ৰসাৰত গুৰুত্ব দি এনে ঘটনাৰ কাৰকক ওফৰাই দিব পাৰি । তাৰ বাবে অসমীয়া কাকত– আলোচনী নিয়মীয়াকৈ পঢ়া আৰু সম্প্ৰতি প্ৰযুক্তি মুক্তধাৰাৰ বিভিন্ন ব্যৱস্থাত অসমীয়া ভাষা অধিকভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি তেওঁ দোহাৰে । বাথানট্টাৰী গাঁও উন্নয়ন সমিতিৰ সম্পাদক পংকজ পাঠকে আঁত ধৰা এই সভাত টিহু মহকুমা সাংবাদিক সন্থাৰ সম্পাদক ভাস্কৰজ্যোতি কলিতা আৰু স্থানীয় সমাজকৰ্মী মনেশ্বৰ কলিতায়ো ভাগ লয় । ইয়াৰ পূৰ্বে কাৰ্যসূচী অনুসৰি পুৱা বাথানট্টাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি প্ৰহ্লাদ হালৈয়ে ধৰ্মীয় সভাৰ পতাকা উত্তোলনেৰে ধৰ্মীয় সভা মহোৎসৱৰ নিৰ্দিষ্ট কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । বন্তি প্ৰজ্বলন কৰে স্থানীয় বিশিষ্ট সমাজকৰ্মী মধু কলিতাই । শ্বহীদ পৰিয়ালৰ সদস্যই শ্বহীদ স্মৃতি তৰ্পণ কৰে । গছপুলি ৰোপণ কৰে বাথানট্টাৰী গাঁও উন্নয়ন সমিতিৰ উপ সভাপতি ৰমেশ পাঠকে ।ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে ডাক বিভাগৰ অৱসৰীয়া কৰ্মচাৰী চণ্ডী কলিতাই । এই শোভাযাত্ৰাত ভাগৱত বহন কৰে সমাজকৰ্মী নন্দৰাম বড়ো আৰু প্ৰণামী বন্তি বহন কৰে সমাজকৰ্মী গৌতম ডেকাই । ধৰ্মীয় সভা মহোৎসৱৰ দ্বাৰ উদ্ঘাটন কৰে জলখানা–ভঠুৱাখানা গাঁও উন্নয়ন সমিতিৰ সভাপতি অজিত হালৈয়ে । আবেলি ভাগৱত পাঠ আৰু ব্যাখ্যা কৰে বিশিষ্ট সমাজকৰ্মী মধু কলিতাই । স্থানীয় ভকতবৃন্দৰদ্বাৰা নাম–কীৰ্তন কৰাৰ পাছত সন্ধিয়া নাগাৰা নামৰ প্ৰখ্যাত শিল্পী শংকৰ তালুকদাৰ আৰু তেওঁৰ সংগীবৃন্দৰদ্বাৰা নাগাৰা নাম পৰিৱেশনেৰে সমাজত শান্তি সম্প্ৰীতি কামনা কৰি সভা মহোৎসৱ সামৰা হয় ।

- Advertisement -

Hot this week

Luxmi Group Reinforces Its Commitment to National Service

Guwahati, 12 May, 2025: Proudly rooted in heritage and driven...

The Art of Mindfulness and Health: New Meaning and Happiness in Life

Find people with high expectations and a low tolerance...

A Look at How Social Media & Mobile Gaming Can Increase Sales

Find people with high expectations and a low tolerance...

অসমৰ ভাষা-সাহিত্যৰ মহীৰূহক গভীৰ শ্ৰদ্ধাৰে স্মৰণ

তীক্ষ্ণ বুদ্ধিদ্দীপ্ত চিন্তা, সৃষ্টি আৰু প্ৰতিভাৰে হোমেন বৰগোহাঞিদেৱে অসমৰ...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
25.1 ° C
25.1 °
25.1 °
83 %
2kmh
61 %
Sat
37 °
Sun
30 °
Mon
32 °
Tue
37 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds