Thursday, May 29, 2025
26.9 C
Guwahati
TOP NEWS:

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ সামৰণি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

জালুকবাৰীঃ আয়ুৰ্বেদিক চিকিৎসা সংস্থা (AMO) ৰ উদ্যোগত আৰু বিশ্ব আয়ুৰ্বেদ পৰিষদ, অসম শাখা আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটীৰ সহযোগত যোৱা ৯ আৰু ১০ নৱেম্বৰত গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত দুদিনীয়াকৈ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুস্থিত হৈ যায়। ‘আয়ুৰ্বেদৰ শেহতীয়া অগ্ৰগতি’ (Recent Developments in Ayurveda) শীৰ্ষক বিষয়ৰে অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা কেইবাজনো আয়ুৰ্বেদিক চিকিৎসক তথা বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। ৯ নৱেম্বৰত পুৱা অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত অসম চৰকাৰৰ মুখ্যমন্ত্রী সচিবালয়ৰ সচিব তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ডাঃ লক্ষ্মনন এছ, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত সচিব জোৎস্না মেধি পাটগিৰি, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ যুটীয়া সচিব তথা আয়ুষ বিভাগৰ সঞ্চালিকা ডঃ ইন্দ্ৰনষী দাস, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ডাঃ প্ৰনৱজ্যোতি বৈশ্য, ভাৰতীয় চিকিৎসা পদ্ধতিৰ ৰাষ্ট্ৰীয় আয়োগৰ প্ৰতিনিধি ডাঃ ৰজনী নায়াৰ, সেৱা ভাৰতীৰ ডাঃ সুৰেন্দ্ৰ টালখেলকাৰ, নিপকোৰ সঞ্চালক ডাঃ বিমল অচৱাল, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচ’, কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মহিতোষ বেনাৰ্জী, কামৰুপ মহানগৰৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ উদয় মেধি উপস্থিত থাকে।

আনহাতে এই উপলক্ষে ডাঃ নমিতা বৈশ্য আৰু ডাঃ পল্লৱী বৰাই আঁত ধৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনত পাঠ কৰা গৱেষণা পত্ৰ সমুহ তথা অন্যান্য বিষয় সামৰি ডাঃ পংকজ কলিতাৰ সম্পাদনাত ‘সম্বোধি’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজক সমিতিৰ সম্পাদক ডাঃ বিশ্বজিত দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাখনত উপস্থিত অসম চৰকাৰৰ শীৰ্ষ বিষয়া সকলে জনসাধাৰণে গুনগত মানৰ আয়ুৰ্বেদিক চিকিৎসা লাভ কৰাৰ ওপৰত গুৰত্ব আৰোপ কৰে আৰু ৰাজ্য চৰকাৰে আয়ুৰ্বেদিক চিকিৎসা আৰু শিক্ষা প্ৰনালীৰ উন্নয়নৰ বাবে লোৱা বিভিন্ন আঁচনিসমূহ আলোকপাত কৰে। অসমৰ লগতে ভাৰতবৰ্ষৰ ১৯ খন ৰাজ্যৰ পৰা অহা ৩ শতাধিক প্ৰতিনিধিয়ে কৰ্মশালাত যোগদান কৰা গবেষক আৰু গবেষক ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰায় ১৫০ খন গৱেষণা পত্ৰ পাঠ কৰা হয়। ভাৰতৰ খ্যাতনামা আয়ুৰ্বেদিক বিশেষজ্ঞ ডাঃ হৃষিকেশ বালকৃষ্ণ মেত্ৰে, ডাঃ পি মুৰুলীকৃষ্ণ, ডাঃ সমীৰ এন নাইক, ডাঃ মহেশ সাৱালাগিমঠ, ডাঃ মহেশ প্ৰকাশ দেশপাণ্ডে আদিয়ে আয়ুৰ্বেদিক চিকিৎসা বিভিন্ন দিশ সমুহৰ ওপৰত সমল ব্যক্তি হিচাপে বক্তব্য ৰাখে।

১০ নৱেম্বৰত বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যোগিক প্ৰতিষ্ঠান, গুৱাহাটীৰ সঞ্চালক ডঃ দেৱেন্দ্ৰ জলিহাল, মুখ্যমন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিব ধৰ্মানন্দ বৰুৱা, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ডাঃ প্ৰনৱজ্যোতি বৈশ্য, আয়োজক সমিতিৰ সভাপতি অধ্যাপক ডাঃ খগেন বসুমতাৰী, আয়ুৰ্বেদিক চিকিৎসা সংস্থাৰ সভাপতি ডাঃ অৰবিন্দ দাস উপস্থিত থাকে। আয়ুৰ্বেদিক চিকিৎসা সংস্থাৰ সাধাৰণ সম্পাদক ডাঃ বিষ্ণু চৌধুৰীয়ে আয়ুৰ্বেদৰ পূৰাতন সূত্ৰ সমুহৰ আধাৰত কিদৰে বৰ্তমান সময়ত বৈজ্ঞানিক দৃষ্টিভংগীৰে সেই সমুহৰ বিশ্লেষণ কৰি জনগনৰ সেৱাত প্ৰয়োগ কৰিব পাৰি এই আলোচনা চক্ৰখনে তাৰ বাট মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে।

- Advertisement -

Hot this week

ASSAM RIFLES RECOVERS HEROIN WORTH ₹3.5 CRORE IN CACHAR DISTRICT, ASSAM

In a decisive blow to narco trafficking in the...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
26.1 ° C
26.1 °
26.1 °
85 %
1.4kmh
100 %
Wed
26 °
Thu
26 °
Fri
24 °
Sat
30 °
Sun
28 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds