31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    গোৱালপাৰাত জিলা পশুধন অভিযান সমিতিৰ ব্ৰইলাৰ কুকুৰাৰ পোৱালি বিতৰণঃ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে উপায়ুক্ত বৰ্ণালী ডেকাই

    ● গোৱালপাৰা জিলাৰ দুটা উন্নয়ণ খণ্ডত নতুন প্ৰযুক্তিৰে ব্ৰইলাৰ কুকুৰা পালনৰ বাবে জিলা পশুধন অভিযান সমিতিয়ে ৪৫ গৰাকী উপভোক্তাক বাচনি কৰিছে।

    ইয়াৰে ৯ গৰাকীৰ মাজত ইতিমধ্যে ১০ ডিচেম্বৰ তাৰিখে কুকুৰা পোৱালি, দানা আদি সামগ্ৰী প্ৰদান কৰা হয়। গোৱালপাৰা জিলা উপায়ুক্ত তথা জিলা পশুধন অভিযান সমিতিৰ সভানেত্ৰী বৰ্ণালী ডেকাই উপভোক্তা সকলৰ মাজত এই সামগ্ৰী সমূহ বিতৰণ কৰে।

    ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অধীনত ইন’ভেটিভ পাউলট্ৰি লাইভষ্টক মিছনৰ জৰিয়তে ৰূপায়ণ কৰা এই আঁচনিখনত উপভোক্তা সকলক মুঠ চাৰিটা পৰ্যায়ত কুকুৰাৰ পোৱালি আৰু অন্যান্য সামগ্ৰী প্ৰদান কৰা হৈছে। প্ৰতিটো পৰ্যায়ত ১৫০ টাকৈ ব্ৰইলাৰ কুকুৰাৰ পোৱালি, ৫২৫ কিলোগ্ৰাম কুকুৰাৰ খাদ্য, ৬ টাকৈ ফিডাৰ,৬ টা ৱাটাৰাৰ ইত্যাদি সামগ্ৰী উপভোক্তা সকলক বিতৰণ কৰা হয়।

    জিলা পশুপালন বিষয়াৰ উপস্থিতিত উপায়ুক্ত কাৰ্যালয় চৌহদত উপায়ুক্তই এই আঁচনিৰ শুভাৰম্ভ কৰে।

    জিলা পশুধন অভিযান সমতিয়ে বাচনি কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৪৫ গৰাকী উপভোক্তাই ইয়াৰ দ্বাৰা স্ব-নিয়োজনৰে নিজৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে উপায়ুক্ত বৰ্ণালী ডেকাই।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds