31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    গোৱালপাৰাত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাঃ স্বাস্থ্যৰ বুজ ল’লে চিকিৎসাধীন হৈ থকা পদ্মশ্ৰী বিৰুবালা ৰাভাৰ

    ♦আজি চৰকাৰী বিভিন্ন কাৰ্যসূচী লৈ গোৱালপাৰাত পদাৰ্পণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই৷ গোৱালপাৰা জিলা ভ্ৰমণ কালত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যৰ বুজ ল’লে সক্ৰিয় সমাজকৰ্মী পদ্মশ্ৰী বিৰুবালা ৰাভাৰ৷ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে মাত মতি অহা বিশেষকৈ ডাইনী হত্যাৰ বিৰুদ্ধে অহৰহ যুঁজি থকা ড০ বিৰুবালা ৰাভা সম্প্ৰতি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে৷ আজি মুখ্যমন্ত্ৰীয়ে পদ্মশ্ৰী বিৰুবালা ৰাভাৰ ঠাকুৰভিলাস্থিত বাসগৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আশু আৰোগ্য কামনা কৰে৷ সংগ্ৰামী মহিলাগৰাকীৰ সৈতে মুখ্যমন্ত্ৰীয়ে কিছু সময় বাৰ্তালাপ কৰাৰ লগতে তেওঁৰ চিকিৎসাত সহায়ক হোৱাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাৰ এখন চেকো প্ৰদান কৰে।

    উল্লেখ্য যে, ‘মিছন বীৰুবালা’ৰ মাধ্যমেৰে সমাজ সংস্কাৰৰ দিশত এক নব্য জাগৰণৰ সূচনা কৰা এইগৰাকী সংগ্ৰামী মহিলাই আজিলৈকে ডাইনীৰ অপবাদত নিৰ্যাতনৰ সন্মুখীন হোৱা ডেৰকুৰিৰো অধিক মহিলাৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে। বিৰুবালা ৰাভাক সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে, আজি বেছ কিছুদিনৰ পৰা পদ্মশ্ৰী বিৰুবালা ৰাভা অসুস্থ হৈ আছিল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেখেত চিকিৎসাধীন৷ কৰ্কট ৰোগত আক্ৰান্ত বিৰুবালা ৰাভা সুস্থ হৈ উঠাৰ বাবে অসমৰ সমূহ ৰাইজে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছে৷ মই নিজেও ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত যাতে শীঘ্ৰে সুস্থ হৈ তেখেতৰ যি এক সমাজ সংস্কাৰৰ মহান যাত্ৰা তাক যেন চলাই যাব পাৰে বুলি সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে এনেদৰে কয়৷

    ইফালে জিলা খনৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভতো আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ স্থিতি স্পষ্ট কৰে৷ তেখেতে কয়- গোৱালপাৰাৰ ক’ভিড পৰিস্থিতিক লৈ যোৱা সপ্তাহত আমি চিন্তিত আছিলোঁ৷ যোৱা তিনিদিনত জিলা খনৰ পৰিস্থিতি ক্ৰমাগত ভাৱে উন্নত হৈছে৷ গতিকে অহা আৰু দুদিনমান লক্ষ্য কৰাৰ পিছত পৰিস্থিতি স্বাভাৱিক হৈ থাকিলে আমি গোৱালপাৰাৰ কনটেইনমেন্ট জ’ন আঁতৰাই আংশিক ল’কডাউনৰ ব্যৱস্থা কৰি দিম৷ উল্লেখ যোগ্য যে, আজিৰ এই সাক্ষাৎৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে শক্তিমন্ত্ৰী বিমল বৰা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, গোৱালপাৰা (পূব)ৰ বিধায়ক আবুল কালাম ৰছিদ আলম আৰু গোৱালপাৰা (পশ্চিম) সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ লগতে জিলা প্ৰশাসন তথা আৰক্ষীৰ শীৰ্ষ বিষয়াসকলো উপস্থিত আছিল।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds