31.3 C
Guwahati
Saturday, November 8, 2025
More

    শেহতীয়া আপডেটঃ

    গোৰ্খা ভৱনৰ টকা আত্মসাৎ সচাকৈয়ে কৰিছিল নে ? গোৰ্খা নেতা দিলীপ গজুৰেলে । Video

    গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দিলীপ গজুৰেলে গোৰ্খা ভৱনৰ টকা আত্মসাৎ সচাকৈয়ে কৰিছিল নে ?

    অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ২৬ ডিচেম্বৰ :

    বিশ্বনাথৰ বিহালীৰ কুঁহিয়াৰবাৰীত স্থাপন কৰা গোৰ্খা ভৱনটি নিৰ্মাণৰ কাম সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দিলীপ গজুৰেলৰ দায়িত্বত আছিল ৷ এই ভৱনটি সম্পূৰ্ণ হৈ নুঠাত একাংশ লোকে টকা আত্মসাৎ কৰা বুলি এক ভিত্তিহীন বাতৰি প্ৰচাৰ কৰি জনমানসত হেয় প্ৰতিপন্ন কৰা বুলি দিলীপ গজুৰেলে সংবাদমেল যোগে জানিবলৈ দিয়ে ৷ ভৱনটি বনোৱাৰ দায়িত্ব লোৱাৰ সময়ৰ পৰাই কৰোণাই সংহাৰী ৰূপ ধাৰণ কৰাত কাম বন্ধ ৰাখিব লগা হয় ৷

    আনহাতে নিৰ্মাণ কাৰ্যৰ ওপৰৰে বিদ্যুৎ পৰিবাহী তাৰ বিপদজনক হৈ আছিল ; এই বিষয়ে বিভাগীয় লোকক খবৰ দিয়া হৈছিল যদিও গুৰুত্ব দিয়া নাছিল আৰু ভৱন বনোৱা স্থানটি এখন পিটনি হোৱাত বাৰিষাৰ সময়ত নিৰ্মাণৰ কাৰ্য কৰাত যথেষ্ট অসুবিধাজনক হৈ আছিল বুলি উল্লেখ কৰে গজুৰেলে ৷ সেয়েহে কাম বন্ধ হৈ আছিল যদিও বৰ্তমান গোৰ্খা ভৱনটিৰ নিৰ্মাণৰ কাম পুৰ্ণ গতিত চলি আছে আৰু অহা তিনিমাহৰ ভিতৰত ভৱনটি সম্পুৰ্ণ হৈ উঠিব বুলি দিলীপ গজুৰেলে সংবাদমেল যোগে জানিবলৈ দিয়ে ৷ লগতে একাংশলোকে তেওঁৰ ওপৰত ভিক্তিহীন অভিযোগ আনি জনমানসত হেয় পতিপন্ন কৰাৰ চেষ্টা কৰা কাৰ্যক গৰিহণা দিছে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds