31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    গহপুৰত মূল্যবৃদ্ধিৰ প্ৰতিবাদ সাংসদ ৰিপুন বৰাৰ

    গহপুৰত মূল্যবৃদ্ধিৰ প্ৰতিবাদ পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি নিত্যব্যৱহৃত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আহ্বানক্ৰমে ৰূপায়িত দেশজোৰা “জনজাগৰণ অভিযান” উপলক্ষে ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ নেতৃত্বত ছয়দুৱাৰ আৰু পুৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছ উদ্যোগত গহপুৰ বিধান সভা সমষ্টিত যোৱা ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা জনজাগৰণ পদ যাত্ৰাৰ আজি গহপুৰ নগৰত সামৰণি পৰে।

    MP Ripun Bara protests price rise in Gahpur

    সমষ্টিটোৰ কাৰিবিল গাঁও পঞ্চায়তৰ পৰা আৰম্ভ হোৱা উক্ত জনজাগৰণ যাত্ৰা গহপুৰ বিধান সভা সমষ্টিৰ ১৫ টাকৈ পঞ্চায়তত প্ৰায় ১৫০ কিলোমিটাৰ পদযাত্ৰাত ৰিপুন বৰাই অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ কাৰ্য্যকালত হোৱা আকাশলংঘী মূল্যবৃদ্ধিৰ তীব্ৰ প্ৰতিবাদ কৰে।আজি প্ৰথম পয্যায়ৰ সামৰণি কাৰ্য্যসূচীৰ অংশস্বৰূপে পুৰূপবাৰীৰ পৰা গহপুৰ নগৰৰ মাজেৰে পদযাত্ৰা কৰি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলা হয়।

    এইক্ষেত্ৰত ৰিপুন বৰাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে অসমত বিজেপি নেতৃত্বাধীন চৰকাৰৰ বয়স প্ৰায় ৫ বছৰ ৬ মাহ আৰু কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ বয়স প্ৰায় ৭ বছৰ ৬ মাহ।

    MP Ripun Bara protests price rise in Gahpur

    এই দীঘলীয়া সময়ছোৱাত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে যে ৰাইজক কেবল প্ৰতাৰণা কৰিলে,সেই কথা ইতিমধ্যে সকলোৱে বুজি উঠিছে।নিত্যব্যৱহৃত সা-সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ যি প্ৰতিশ্ৰুতি বিজেপি মিত্ৰজোটে নিৰ্বাচন সমূহৰ পূৰ্বে দিছিল সেয়া এতিয়া ধোঁৱা চাঙত উঠিল।

    https://m.facebook.com/story.php?story_fbid=594889648406100&id=1670885916460348

    সম্প্ৰতি মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে ৰাইজক। আচৰিত কথা এয়ে যে চলিত বৰ্ষৰ এক জানুৱাৰীৰ পৰা ২৪ অক্টোবৰলৈ পেট্ৰল আৰু ডিজেলৰ মূল্য ৯৬ বাৰ বৃদ্ধি হৈছে।অলপতে হৈ যোৱা দেশৰ ৩০ টা বিধান সভা আৰু ৩ টা লোকসভা সমষ্টিৰ উপনিৰ্বাচনত অসমক বাদ দি বাকী ৰাজ্য সমূহত বিজেপি ধৰাশায়ী হোৱাৰ পিছত শংকিত হৈ আৰু অহা ফ্ৰেব্ৰুৱাৰী মাহত উত্তৰ প্ৰদেশকে ধৰি দেশৰ ৫ ৰাজ্যত অনুষ্ঠিত হবলগীয়া বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ৪ নবেম্বৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ পেট্ৰল-ডিজেলৰ মূল্য সামান্য হ্ৰাস কৰা হৈছে যদিও এতিয়াও পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৯৫ টকাৰ ওপৰ আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৮০ টকাৰ ওপৰ হৈ আছে।তানত পৰি ৰাম নাম লোৱা বিজেপি নেতৃত্বাধীন চৰকাৰে শেহতীয়াভাবে প্ৰতিলিটাৰ পেট্ৰলত ৫ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ১০ টকা আৱকাৰী শুল্ক হ্ৰাস কৰিলেও এতিয়াও ৰাইজে প্ৰকৃত দামৰ ওপৰত প্ৰতিলিটাৰ পেট্ৰলত ২৭.৯০ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ২১.৮০টকা অতিৰিক্ত ভাবে কৰ আদায় দি থাকিবলগীয়া হৈ আছে।

    https://m.facebook.com/story.php?story_fbid=594889648406100&id=1670885916460348

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds