31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    খোৱাপানী বন্ধঃ চানমাৰিত আম আদমী পাৰ্টিৰ প্ৰতিবাদ, ব্যৰ্থ মন্ত্ৰী অশোক সিংহলৰ পদত্যাগ দাবী আপৰ

    গুৱাহাটীঃ গুৱাহাটী পৌৰ নিগম আৰু পয়ঃপ্রণালী ব’ৰ্ডৰ পানী যোগান অনিয়মীয়া হোৱাৰ প্ৰতিবাদত আজি মহানগৰীৰ চানমাৰিত আম আদমী পাৰ্টিয়ে সাব্যস্ত কৰে বিক্ষোভ। মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰ-প্ৰশাসনে বিভিন্ন আঁচনি গ্রহণ কৰিছে যদিও মহানগৰবাসীয়ে পোৱা নাই পর্যাপ্ত পৰিমাণে বিশুদ্ধ খোৱাপানী। শেহতীয়াকৈ গুৱাহাটী জলব’ৰ্ডে জাইকাৰ অধীনস্থ পানী যোগান আঁচনিৰ অধীনত মহানগৰীত নতুনকৈ খোৱাপানীৰ সংযোগ দিছে যদিও গুৱাহাটী জল ব’ৰ্ডৰ সংযোগ লোৱা বহু পৰিয়ালে আজিও পোৱা নাই পর্যাপ্ত খোৱাপানী। পানীৰ পাইপ পুতিয়েই দায়িত্ব সামৰিছে গুৱাহাটী জলব’র্ডে। খোৱাপানীৰ সংকট চলি থকাৰ মাজতে গুৱাহাটী মহানগৰ খোৱাপানী আৰু প্ৰয়-প্রণালী ব’র্ডে এক জাননীযোগে তিনিদিনৰ বাবে মহানগৰীৰ ২৮টা স্থানত পানী যোগান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

    কিন্তু তিনিদিন অতিক্ৰম হৈ যোৱা সত্বেও এতিয়ালৈকে বহু অঞ্চলত পানী যোগান দিব পৰা নাই জলব’ৰ্ডে। আজি এই সন্দৰ্ভত চানমাৰিত আপৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাই কয়, ‘মহানগৰীৰ উন্নয়নত বৰ্তমান চৰকাৰ ব্যৰ্থ হৈছে। নাগৰিকক বিশুদ্ধ খোৱা পানী দিয়াৰ প্ৰতিশ্ৰুতি চৰকাৰে পালন কৰিব পৰা নাই। নিম্ন মানৰ কাম কৰাৰ বাবে য’তে ত’তে পানীৰ পাইপ ফুটি কৃত্ৰিম বানৰ সৃষ্টি হৈছে। পানীৰ পাইপ ফুটি যোৱা বছৰ এগৰাকী মহিলাৰ মৃত্যুৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ গা লৰা নাই। চৰকাৰৰ ব্যৰ্থতাৰ বাবে আমি গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলৰ পদত্যাগ দাবী কৰিছোঁ। এনে অকৰ্মণ্য মন্ত্ৰীৰ ক্ষমতাত থকাৰ নৈতিক অধিকাৰ নাই।’ উল্লেখ্য যে সোমবাৰে সন্ধিয়া চানমাৰিত পানী যোগান আঁচনিৰ পাইপ ফুটি কৃত্ৰিম বানৰ সৃষ্টি হৈছিল। আজি আপে উক্ত স্থানতে বিক্ষোভ প্ৰদৰ্শন কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰা আপৰ যুৱ শক্তিৰ তত্বাৱধায়ক ৰুদ্ৰাংকুৰ হাজৰিকাই কয়,” গুৱাহাটীৰ উন্নয়নৰ নামত চৰকাৰে এখনৰ পিচত আন এখন উৰণ সেতু নিৰ্মাণত গুৰুত্ব প্ৰদান কৰিছে। কিন্তু সাধাৰণ মানুহৰ সমস্যা সমাধানত চৰকাৰে গুৰুত্ব দিয়া নাই। উৰণ সেতু নিৰ্মাণ কৰিবলৈ গৈ মহানগৰীৰ পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰিছে। গুৱাহাটীবাসীৰ দৈনন্দিন জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। আমি আম আদমী পাৰ্টিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাস্তৱ দৃষ্টি ভংগীৰে গুৱাহাটীবাসীৰ সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছোঁ। চৰকাৰে শীঘ্ৰেই গুৱাহাটীবাসীৰ খোৱাপানীৰ সমস্যা সমাধান কৰক।’ প্ৰতিবাদী কাৰ্যসূচীত আপৰ মিডিয়া সমন্বয়ক গুৰপ্ৰীত সিং, জ্যেষ্ঠ নেতা দিতুল বৰুৱা, বল্লভ পাত্ৰ, ৰাজ্যিক যুৱ শক্তিৰ উপ সভাপতি জিতু ডেকা, সাধাৰণ সম্পাদক সৌৰভ কলিতা, মঞ্জু ডেকা হুছেইন, অলকানন্দা ডেকাৰ লগতে বহুকেইগৰাকী দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds