31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    কুসুম কৈলাস আৰু ৰিশ্মা পাংগিনৰ কণ্ঠত ‘সপোন হৈ আছিলা’

    ● ডি এচ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু শিখা বৰাৰ দ্বাৰা প্ৰযোজিত এটি নতুন মনপৰশা গীত অসমৰ অন্যতম দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাস আৰু ৰিশ্মা পাংগিনৰ কণ্ঠত শুভমুক্তিৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে ৷ ‘সপোন হৈ আছিলা’ শীৰ্ষক গীতটিৰ কথা কবি, গীতিকাৰ দেৱজিত বৰাৰ ৷ গীতটিৰ সুৰ কৰিছে যুৱ প্ৰজন্মৰ সুৰকাৰ, সংগীত ব্যৱস্থাপক তথা সংগীত শিল্পী জোন জোনাকে ৷ শিখা বৰাৰ প্ৰযোজনাৰে গীতটিৰ সংগীত ব্যৱস্থাপনা কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী তথা সংগীত ব্যৱস্থাপক লক্ষ্যজিত বৰুৱাই ৷ আনহাতে কবিতা বুঢ়াগোহাঁইৰ পৰিকল্পনাৰে অতি শীঘ্ৰে মুক্তি পাবলগীয়া গীতটি প্ৰডাকচনটোৰ ইউটিউব চেনেল ডি এচ প্ৰডাকচন যোগে সংগীত প্ৰেমী শ্ৰোতা দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি এক প্ৰেছ বাৰ্তা যোগে প্ৰডাকচনটোৰ তৰফৰ পৰা জানিবলৈ দিয়ে ৷ উল্লেখ্য যে সংগীত প্ৰেমী শ্ৰোতা – দৰ্শকে শুভমুক্তিৰ লগে লগে তাৎক্ষণিক ভাবে গীতটি উপভোগ কৰিবলৈ ডি এচ প্ৰডাকচন (DS PRODUCTION) ইউটিউব চেনেলটি আগতীয়াকৈ ছাবচক্ৰাইব (Subscribe) কৰি অতি সাম্প্ৰতিক অসমীয়া সংগীত যাত্ৰাৰ সহযাত্ৰী হবলৈ লগতে প্ৰেছ বাৰ্তাটোত প্ৰডাকচনটোৰ তৰফৰ পৰা অসমবাসী সংগীত প্ৰেমী শ্ৰেতা – দৰ্শকলৈ আহ্বান জনাইছে।

    — কবিতা বুঢ়াগোহাঁই

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds