Sunday, May 25, 2025
31 C
Guwahati

কভিড১৯ক পৰাস্ত কৰি সুস্থ হৈ, হাঁহিমুখে ঘৰলৈ উভতিল নলবাৰী জিলাৰ ছাত্ৰ কৰ্মী শংকৰ কলিতা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♦নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ সমগ্ৰ বিশ্বত মহামাৰী কৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌ চলি আছে।অসমতো মহামাৰী কৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ মৃত্যুৰ সংখ্যা বৃদ্ধি হৈ আছে। নলবাৰী জিলাটো দিনক দিনে কৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ আছে আৰু মৃত্যু হৈ আছে। এই কভিড ১৯ ৰ সময়তে ভাল খবৰ লৈ আহিছে নলবাৰী জিলাৰ সাহানবিষ্টুপুৰ গাওৰ ভৱেন্দ্ৰ কলিতা আৰু উষা কলিতাৰ পুত্র শংকৰ কলিতাই।

সাহানবিষ্টুপুৰ ক্ষুদ্ৰবিষ্টুপুৰ শাখা ছাত্র সন্থাৰ উপদেষ্টা, পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থাৰ সহ সাধাৰণ সম্পাদক, জয়শ্রী যুৱক সংঘৰ সদস্য, গোপ‍াল থান গোসাইঘৰ (সাহানবিষ্টুপুৰ-ঘোহকুছি) পৰিচালনা সমিতিৰ প্ৰাক্তন সহ সম্পাদক, অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত যুৱক শংকৰ কলিতাই কভিড-১৯ ৰ সৈতে যুজি যুজি পৰাস্ত কৰি সুস্থ হৈ ঘৰলৈ উভতিছে। উল্লেখ যোগ্য যে যোৱা ৪ মে দিনৰ ভাগত সাধাৰণ চৰ্ডি, জ্বৰ আৰু মূৰৰ বিষ হৈ দুৰ্বল হৈ পৰাত নিশা ছাত্র কৰ্মী জনে টেষ্ট কৰাত ধৰা পৰে কভিড ১৯ পজিটিভ । লগে লগে তেওক ভৰ্তি কৰোৱা হয় GMCH ত।

২৩ বছৰীয়া ছাত্র কৰ্মী জনে ৭ দিন কভিড ১৯ ৰ সৈতে যুজি চিকিৎসকৰ চিকিৎসা , শুভাকংক্ষীৰ আৰ্শীবাদ, মনোবল আৰু নিজৰ মনোবলেৰে পৰাস্ত কৰিলে কভিড ১৯ক। ১০ মে তাৰিখে ছাত্র কৰ্মীজনৰ ৰিজাৰ্ট নিগেটিভ আহে আৰু সেইদিনাএ হাহি হাহি নিজৰ ঘৰলৈ উভতে। ছাত্র কৰ্মী শংকৰ কলিতাৰ কভিড ১৯ আক্ৰান্ত খবৰে সকলোকে মৰ্মাহত কৰিছিল। তেও কভিড ১৯ আক্ৰান্ত খবৰ পোৱাৰ লগে লগে পৰিয়ালৰ লোক, আলহী অতিথি ৰ লগতে সদৌ অসম ছাত্র সন্থাৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱা, নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল ডেকা, মানৱদৰদী সাংবাদিক মজিবুৰ ৰহমান, সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, উপ সভাপতি উৎপল কলিতা, কল্প ৰাজবংশী, সাধাৰণ সম্পাদক অক্ষয় ডেকা, সহ সাধাৰণ সম্পাদক নিৰুজজউদ্দিন আহমেদ, সাংগঠনিক সম্পাদক ৰঞ্জিত শৰ্মা , প্ৰকৃতিপ্ৰেমী জিমনি তামুলী, চি এণ্ড এচি নিউজৰ সম্পাদক ৰাস্মামনি গগৈ, আমাৰ প্ৰণাম কাকতৰ সম্পাদক দেৱজিত সৰকাৰ, সাংবাদিক কালিন্দ্ৰ কুমাৰ বৰ্মন, দ্বিজেন ডেকা, কৈলাস ডেকা, মৃদুল কলিতা , ৰমজান আলী, শংকৰ দাসকে ধৰি বিভিন্ন জন ব্যক্তি, ছাত্র সন্থাৰ নেতা কৰ্মী, পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থা, সাহানবিষ্টুপুৰ-ক্ষুদ্ৰবিষ্টুপুৰ শাখা ছাত্র সন্থা কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বন্ধু বান্ধৱী, গাওঁবাসী ৰাইজ আৰু ব্যক্তিয়ে আশু আৰোগ্য কামনা কৰিছিল। তেখেত সকলৰ আৰ্শীবাদ আৰু মনোবল, চিকিৎসক ,নাৰ্চৰ চিকিৎসা আৰু নিজৰ মনোবলত কভিড ১৯ ক পৰাস্ত কৰি সুস্থ হৈ উঠিছো বুলি ছাত্র কৰ্মীজনে জানিব দিয়ে।

- Advertisement -

Hot this week

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

Topics

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
26.5 ° C
26.5 °
26.5 °
79 %
0.6kmh
100 %
Sun
29 °
Mon
29 °
Tue
28 °
Wed
36 °
Thu
26 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds