31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    এগৰাকী ছাত্ৰৰ বিজ্ঞান সন্মত যাদু প্ৰদৰ্শনেৰে অন্ধবিশ্বাস দূৰ কৰাৰ বাবে এক সুন্দৰ প্ৰচেষ্টা

    নলবাৰী জিলাৰ বৰভাগৰ এগৰাকী ছাত্ৰই বিজ্ঞান সন্মত যাদু প্ৰদৰ্শনেৰে অন্ধবিশ্বাস দূৰ কৰাৰ বাবে এক সুন্দৰ প্ৰচেষ্টা হাতত লৈছে।

    ♦নলবাৰী জিলাৰ বৰভাগৰ ৰাইমাধা গাঁৱৰ চৈয়দ খবিৰুদ্দিন আহমেদ আৰু চৈয়দা বিউটি চিদ্দিকাৰ সুযোগ্য সন্তান অতি কম বয়সীয়া ল’ৰা চৈয়দ আছিক আহমেদে চমক সৃষ্ট যাদু প্ৰদৰ্শন আৰু সমাজত ঘটি থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বিজ্ঞান সন্মত যাদু আৰু বিভিন্ন লিখা মেলাৰ যোগেদি জনসাধাৰণৰ মাজত এক সচেতনতা সৃষ্টি কৰি আহিছে।

    বিভিন্ন ধৰণৰ চমক সৃষ্ট যাদু প্ৰদৰ্শন কৰি তেওঁ,যাদু যে কোনো মন্ৰ বা ভুত প্ৰেতৰ শক্তিৰ পৰা দেখুওৱা নেযায় তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।

    সমাজত ঘটি থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মানুহক কেনেদৰে উলিয়ায় আনিব পাৰি তাৰ ওপৰত লিখা মেলা কৰি আহিছে আছিক আহমেদে।

    ৰঙিয়াৰ ইউক্লিডত অধ্যয়ন কৰা ছাত্ৰ আছিক আহমেদে বৈদ্ধিক প্ৰচেষ্টাত চাৰি বছৰ ধৰি বিজ্ঞান সন্মত যাদু প্ৰদৰ্শন কৰি আহিছে।

    ইতিমধ্যে ছাত্ৰ জনৰ এনে প্ৰতিভা দেখি পুৱ নলবাৰীৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ co- ordinate আমন্ত্ৰনত ভাৰত জন বিজ্ঞান যাত্ৰাত অন্ধবিশ্বাস আৰু সজাগতা অভিযানৰ বিৰুদ্ধে যাদুৰ অন্তৰালত বিজ্ঞান কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিদ্যালয় মহাবিদ্যালয়ত যাদু প্ৰদৰ্শন কৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা সমাজ খনক কেনেকৈ আগুৱাই নিব পাৰি তাক লৈ যাদু প্ৰদৰ্শনেৰে এক প্ৰচেষ্টা চলাই আহিছে।

    তেওঁৰ এই গৌৰৱ যাত্ৰাৰ বাবে আৰ্যভট্টৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লিখিত প্ৰমাণ-পত্ৰ প্ৰদান কৰে।

    অতি কম বয়সতে সমাজখনৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু কৰ্মস্পৃহা দেখি দল সংগঠনৰ লগতে সচেতন মহলে ধন্যবাদ জনাইছে আছিক আহমেদক।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds