31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    আৰক্ষী অধীক্ষকক উষ্ম আদৰণি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ:

    আৰক্ষী অধীক্ষকক উষ্ম আদৰণি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ:
    অসম খবৰ ডিজিটেল ডেস্ক ৬ ছেপ্টেম্বৰ ::
    অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ এ এছ এছ পিৰ বিশ্বনাথ জিলা সমিতিয়ে সোমবাৰে  নৱ নিযুক্ত বিশ্বনাথ জিলা  আৰক্ষী অধীক্ষক  লীনা দলেক  উষ্ম আদৰণি জনায়। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নাজিৰ আহমেদ, বিশ্বনাথ জিলা সমিতিৰ সভাপতি আব্দুল হাকিম চিকদাৰ, সাধাৰন সম্পাদক আব্দুল ৰহমান, সাংগঠনিক সম্পাদক জয়দ আলী, দক্ষিণ চতিয়া আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক মুকচিদুল ইছলাম, বাঘমাৰী আঞ্চলিক সমিতিৰ সভাপতি ইমাম হুছেইন, সম্পাদক মুস্তাফিজুৰ ৰহমানৰ উপস্থিতিত সংগঠনটোৱে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষক গৰাকীক ফুলাম গামোচা, মানপত্ৰ আৰু জাপিৰে আদৰণি জনায়। সংগঠনটোৰ বিষয়ববীয়া সকলে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত উল্লেখ কৰে যে, আৰক্ষী অধীক্ষক গৰাকীক বিশ্বনাথ জিলাৰ যিকোনো দূৰ্নীতি নিবাৰনৰ ক্ষেত্ৰত প্ৰশাসনক সহযোগিতা আগবঢ়াব। আনহাতে আৰক্ষী অধীক্ষক গৰাকীৰ সৈতে বিশেষকৈ সংখ্যালঘু সমাজত প্ৰচলিত অসামাজিক কাৰ্যকলাপ- বাল্যবিবাহ, মদ, ভাং জোৱা আদিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ আহ্বান জনোৱাৰ  উপৰিও পুলিচ-প্ৰশাসনৰ সৈতে জনগনৰ সম্পৰ্ক আন্তৰিকতা পূৰ্ণ হোৱা ইত্যাদি বিষয়ৰ ওপৰত আলোচনা কৰে।  লগতে চতিয়া থানাৰ অন্তৰ্গত দক্ষিণ চতিয়াত পূৰ্বে থকা কৰৈয়নী আৰক্ষী নিৰীক্ষণ চকী খন পূনৰ নিৰ্মাণ কৰি প্ৰশাসনিক কাম কাজ চলাবলৈয়ো সংগঠনটোৱে মৌখিকভাৱে আৰক্ষী অধীক্ষক গৰাকীক অনুৰোধ জনায়।
    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds