আখৰাৰ বাবে সাজু থিয়েটাৰ হিমাদ্ৰী September 8, 2021 অসম খবৰ বাৰ্তা প্ৰকাশক, 🎭 মনোৰঞ্জনঃ 0 আখৰাৰ বাবে সাজু থিয়েটাৰ হিমাদ্ৰী নাট্যপ্ৰেমী দৰ্শক ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিচাৰি সম্পূর্ণ এটা বছৰ বিৰতিৰ পিছত আখৰা আৰম্ভ কৰিছে ভ্ৰাম্যমাণ নাট্যজগতৰ কেইবাটাও নাট্যদলে। চলিত ২১-২২ নাট্যবৰ্ষত সুস্থ ৰুচিসম্পন্ন নাটক দিয়াৰ প্ৰতিশ্ৰুতিৰে ইতিমধ্যে সাজু হৈছে নবজ্যোতি বুল শইকীয়াৰ প্ৰয়োজিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ স্মৃতিত থিয়েটাৰ হিমাদ্ৰী । মন্দিতা দত্ত শইকীয়াই পৰিকল্পনা কৰা থিয়েটাৰ হিমাদ্ৰী ৰ মঞ্চত চলিত নাট্যবৰ্ষত থাকিব চাৰিজন নাট্যকাৰৰ চাৰিখন ভিন্ন ৰসৰ নাটক। নাটক সমূহৰ হৈছে সতীশ দাসৰ “দেউতা তুমি দেৱতা” সমৰেন্দ্ৰ বৰ্মনৰ “ৰঘুনাথ” প্ৰতুল ভূঞাৰ “এই মৰম তোমাৰ বাবে” আৰু দেবজিত শৰ্মাৰ “নিষিদ্ধ এলেকা” যত অভিনয় কৰিব বলিষ্ঠ অভিনেতা প্ৰবিত্ৰ প্ৰাণ বৰা, সদানন্দ বৰা, বিশ্বজিত, প্ৰনব বৰা, অভিনেত্রী জোনালী বৰুৱা, বৈজয়ন্তী মালা, সঙ্ঘমিত্রা শইকীয়া, ভাবনা দেবী আৰু খাপলংকাইৰ ভূত খ্যাত মুনিন্দ্ৰ দাসে। নাট্যদলটোৰ কাৰ্য্যবাহী প্ৰযোজক ভাস্কৰ শইকীয়া আৰু সম্পাদকৰ দায়িত্বত থাকিব দিজু ভৰালী আনহাতে প্ৰতিনিধিৰ দায়িত্বত আছে গজেন ৰাজখোৱা, অজয় চৌধুৰী আৰু বলীন বৰা। কভিড পৰিস্থিতিৰ কিছু সাম কটাৰ লগে লগে চলিত নাট্যবৰ্ষকলৈ যথেষ্ট আশাৰে নাট্যদলটোৰ প্ৰয়োজক পৰিচালক তথা শিল্পী কলাকুশলী সকল সাজু হৈছে । অহা ১৬ ছেপ্তেম্বৰ বৃহস্পতিবাৰে মাংগলিক কাৰ্য্যসূচীৰে হিমাদ্রী থিয়েটাৰে আখৰা শুভাৰম্ভ কৰিব বুলি প্ৰযোজকে জানিব দিছে লগতে সমূহ নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিছে।
Leave a Reply