31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    আই টি এফ মাষ্টাৰ্ছ টেনিছ প্ৰতিযোগিতা সমাপ্ত

    গুৱাহাটীঃ অসমৰ দিলীপ মোহন্তী আৰু নাজনীন জাফৰে আজি সামৰণি পৰা আই টি এফ মাষ্টাৰ্ছ-২০০ টেনিছ প্ৰতিযোগিতাত ত্ৰিমুকুট লাভ কৰিছে৷ দিলীপে ৪৫ বছৰ উধ্বৰ্ৰ পুৰুষৰ একক, ডাবলছ আৰু মিক্সড ডাবলছত খিতাপ লাভ কৰাৰ বিপৰীতে নাজনীনে মহিলাৰ ৪৫ বছৰ উধ্বৰ্ৰ একক, ডাবলছ আৰু মিক্সড ডাবলছৰ খিতাপ অৰ্জন কৰে৷ ইফালে, হাকিম আলীয়ে ৫৫ বছৰ উধ্বৰ্ৰ পুৰুষৰ একক, ডাবলছৰ খিতাপ জয় কৰি দ্বিমুকুট লাভ কৰিছে৷

    সৰ্বভাৰতীয় টেনিছ ফেডাৰেছনৰ সহায়ত অসম টেনিছ সন্থাই আয়োজন কৰা তথা আন্তৰ্জাতিক টেনিছ ফেডাৰেছনৰ স্বীকৃতি লাভ কৰা বিশ্ব ৰেংকিং প্ৰতিযোগিতাখনৰ সকলো শাখাৰে ফাইনেল খেল আজি গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অনুষ্ঠিত হয়৷

    দিলীপে এককত ৰোহিত লালাক ৬-০, ৬-১ ত, ডাবলছত শ্বাহনৱাজ জফৰৰ লগত যুটী বান্ধি ৰাজীৱ বৰা আৰু ৰাজীৱ দত্তক ৬-১, ৬-৩ ত তথা মিক্সড ডাবলছত নাজনীনৰ স’তে যুটি বান্ধি সঞ্চিতা শৰ্মা আৰু সুভাষ কলিতাক ৬-১, ৬-১ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে৷

    ইফালে, নাজনীনে মহিলাৰ একক শাখাত সঞ্চিতা শৰ্মাক ৬-১, ৬-১ ৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে ডাবলছৰ ফাইনেলত মৃন্ময়ী গোস্বামী শৰ্মা আৰু সুজাতা শৰ্মাৰ বিৰুদ্ধে ৱাকঅভাৰ পায়৷ তেওঁৰ সংগী আছিল ভাগ্য আয়াভু৷

    ইফালে, পুৰুষৰ ৩৫ বছৰ উধ্বৰ্ৰ একক শাখাত ৰিভাস্কৰ থৌদামে প্ৰাসূৰ্য বৰাক ৬-০, ৬-২ ত পৰাস্ত কৰি খিতাপ লাভ কৰাৰ বিপৰীতে ৩৫ বছৰ উধ্বৰ্ৰ মহিলাৰ একক শাখাৰ ফাইনেলত ৰাণী কৌড়ে নাইনা মিট্টালক ৬-০, ৬-০ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে৷

    আনহাতে, পুৰুষৰ ৫৫ বছৰ উধ্বৰ্ৰ একক শাখাত হাকিম আলীয়ে আম্লানদ্বীপ দাসক ৬-০, ৬-১ ত পৰাস্ত কৰাৰ বিপৰীতে পুৰুষৰ ৫৫ বছৰ উধ্বৰ্ৰ ডাবলছ শাখাত ৰনদীপ বৰুৱা আৰু হেকিম আলী যুটীয়ে টিকেন চন্দ্ৰ বসুমতাৰী আৰু শিবু মেথিউক ৬-১, ৬-৩ ত পৰাস্ত কৰে৷

    খেলৰ অন্তত বঁটা বিতৰণ অনুষ্ঠানত সদৌ অসম টেনিছ সন্থাৰ সাধাৰণ সম্পাদক অংকুশ দত্ত আৰু যুটীয়া সম্পাদক দিগন্ত জ্যোতি গগৈয়ে ট্ৰফী প্ৰদান কৰে৷ ইফালে, এই প্ৰতিযোগিতা সমাপ্ত হোৱাৰ পাছতে এতিয়া অহা ১৮-২৩ নৱেম্বৰলৈ চচলত অনুষ্ঠিত হ’ব ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা আৰু ছোৱালীৰ আই টি এফ জুনিয়ৰ [জে-৬০] প্ৰতিযোগিতা৷ মূল ৰাউণ্ডৰ পূৰ্বে কোৱালিফায়িং ৰাউণ্ডৰ মেচ কাইলৈ আবেলিৰ পৰাই অনুষ্ঠিত হ’ব৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰিছে ভাৰতসহ ১৮ খন দেশে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds