31.3 C
Guwahati
Saturday, October 18, 2025
More

    শেহতীয়া আপডেটঃ

    অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ বিদ্যা ভাৰতীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

    ● সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফল হোৱা বিদ্যা ভাৰতী পৰিচালিত নিকেতনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক আজি গুৱাহাটীৰ আদিংগিৰিৰ মালিগাঁৱৰ সেৱা ভাৰতী প্ৰকল্পৰ জনজাতি ছাত্ৰাবাসত সম্বৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচী বিদ্যা ভাৰতীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক প্ৰেৰণাদায়ক মুহূৰ্ত আছিল।

    এই বিশেষ উপলক্ষে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংগঠন মন্ত্ৰী গোবিন্দ চন্দ্ৰ মহন্ত, বৰুণ যাদৱ (আই আৰ এছ, উপ আয়ুক্ত, শুল্ক বিভাগ), বিশিষ্ট উদ্যোগপতি তথা বিদ্যা ভাৰতী অখিল ভাৰতীয় উপ-সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ খৈতান, শিশু শিক্ষা সমিতি, অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতীকে ধৰি অখিল ভাৰতীয় প্ৰাক্তন ছাত্ৰ পৰিষদৰ কেইবাগৰাকী সদস্য উপস্থিত থাকে।

    শিশু শিক্ষা সমিতি উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি বৰুণ যাদৱে কয়, “আপোনালোক সকলোৱে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা এক বৃহৎ কৃতিত্ব অৰ্জন কৰিছে। এতিয়া আপোনাৰ জ্ঞান আৰু দক্ষতাক দেশ আৰু সমাজৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰাটো আপোনালোকৰ দায়িত্ব।” তেওঁ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰি মাতৃভূমি আৰু সাধাৰণ জনতাৰ উন্নতিৰ হকে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।
    উল্লেখযোগ্য যে বিদ্যা ভাৰতী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে প্ৰতি বছৰে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰি নিজৰ সেৱা আগবঢ়াই আহিছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.