31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্হাৰ বাৰ্ষিক বঁটা প্ৰদানঃ ৬ গৰাকী খেলুৱৈক এনআৰএল-অইল বঁটা প্ৰদান

    গুৱাহাটীঃ ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিগত বছৰবোৰৰ দৰে আজি বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে৷ আজি ৰুদ্ৰ সিংহ ক্ৰীড়া প্ৰকল্পৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এনআৰএল-অইল বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যৰ ছয়গৰাকী প্ৰচুৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈক বঁটাৰ লগতে চেক প্ৰদান কৰা হয়৷ বঁটা প্ৰদান কৰা খেলুৱৈসকল হ’ল ক্ৰমে ৰাষ্ট্ৰীয় টেবুল টেনিছ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্য, ৰাষ্ট্ৰীয় সাঁতোৰ খেলুৱৈ জনঞ্জয় জ্যোতি হাজৰিকা, ৰাষ্ট্ৰীয় ট্ৰায়থলন খেলুৱৈ দেৱিকা শৰ্মা, ৰাষ্ট্ৰীয় কাৰাটেকা হেম্ফু বংজাং, ৰাষ্ট্ৰীয় পেডলাৰ জেনেচা বিপুল আৰু এথলীট জুবিন গোহাঁই৷

    ইয়াৰ পূৰ্বে সন্হাৰ কাৰ্যকৰী সভাপতি কুমুদ তালুকদাৰে আঁত ধৰা “খেল আৰু খেলুৱৈৰ সৰ্বাংগীণ উন্নয়নত ক্ৰীড়া মহাৰণ ২.০ ‘শীৰ্ষক আলোচনাচক্ৰত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থ গোস্বামী, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ যুটীয়া সচিব মহৰ্ষি কাশ্যপ, বিশিষ্ট ক্ৰীড়া সংগঠক, গুৱাহাটী টেনিছ সন্হাৰ সভাপতি কল্যাণ কুমাৰ দাস,বিষ্ণু ৰাম নুনিছা, চি আৰ পি এফৰ ১২৮ নং বেটেলিয়নৰ বিষয়া সন্তোষ কুমাৰ সিং, সন্হাৰ সভাপতি পুলিন সাহা, মুখ্য উপদেষ্টা উদয় বৰগোহাঁই, ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছা, ৰাজ্যিক সাংবাদিক সন্হাৰ সম্পাদক প্ৰদীপ ডেকা, আয়োজক সন্হাৰ সভাপতি পুলিন সাহা, সাধাৰণ সম্পাদক পবিত্ৰ গগৈ, জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন,হিলদুল গগৈ, অনিৰুদ্ধ যাদৱ, ৰাজেশ সিং গল্ডী, উদয়জিত বুঢ়াগোহাঁই, চন্দন দাস, আজাদ গগৈ আদিৰ লগতে বিশিষ্ট ব্যক্তিসকল৷ অনুষ্ঠান উপলক্ষে আজি পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হয় ক্ৰীড়া মহীৰুহ পুলিন দাস আৰু প্ৰয়াত ক্ৰীড়া সংগঠক নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণি ক্ৰীড়া বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা৷ দুটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত শতাধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ প্ৰতিযোগিতাৰ বঁটা বিজয়ীসকলক আজিৰ সভাতেই পুৰস্কাৰসমূহ প্ৰদান কৰা হয়৷ অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো ব্যক্তি তথা সহযোগিতা আগবঢ়োৱা ক্ৰীড়া সংগঠক কল্যাণ কুমাৰ দাস, চিআৰপিএফৰ ১২৮ নং বেটেলিয়ন, এনআৰএল, অইল ইণ্ডিয়াৰ লগতে অসম ক্ৰিকেট সন্হাক ধন্যবাদ জনাইছে উদ্যোক্তাসকলে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds