তীক্ষ্ণ বুদ্ধিদ্দীপ্ত চিন্তা, সৃষ্টি আৰু প্ৰতিভাৰে হোমেন বৰগোহাঞিদেৱে অসমৰ জাতীয় জীৱনলৈ বহু উল্লেখযোগ্য অৰিহণা যোগাই থৈ গৈছে। তেখেতৰ অপূৰ্ব সৃষ্টিৰাজি, বৌদ্ধিক দৃষ্টিভংগী তথা সংবাদ সেৱাৰ প্ৰতি আগবঢ়োৱা অৰিহণাই কৰ্মচেতনাৰে জাতিটোক অনুপ্ৰাণিত কৰি যাব। আজি পুণ্যতিথিত অসমৰ ভাষা-সাহিত্যৰ এইগৰাকী মহীৰূহক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।