31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    অবৈধ মদৰ ঘাটি তিনি দিনত উৎখাত বিশ্বনাথ প্ৰশাসনক নিৰ্দেশ দিলে ‘অভিভাৱক মন্ত্ৰী’ পীয়ুষ হাজৰীকাই ভিডিঅ

     

    কভিডৰ সংক্ৰমণত বিশেষ ভুমিকা লোৱা অবৈধ মদৰ ঘাটি তিনি দিনৰ ভিতৰত উৎখাত কৰাৰ বাবে বিশ্বনাথ প্ৰশাসনক নিৰ্দেশ দিলে ‘অভিভাৱক মন্ত্ৰী’ পীয়ুষ হাজৰীকাই

    বিশ্বনাথ চাৰিআলি, জুলাই ০৯: অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলা প্ৰশাসনৰ ‘অভিভাৱক মন্ত্ৰী’ শ্ৰীযুত পীয়ুষ হাজৰীকাই আজি বিশ্বনাথ জিলাত উপস্থিত হৈ সমগ্ৰ জিলাখনতে অবৈধ মদৰ ঘাটিবোৰ অহা তিনি দিনৰ ভিতৰত উৎখাত কৰাৰ বাবে বিশ্বনাথৰ জিলা আৰু আৰক্ষী প্ৰশাসনৰ প্ৰতি কঠোৰ নিৰ্দেশ জাৰি কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে অবৈধ মদৰ ঘাটি থকা অঞ্চলসমূহেই ক’ভিড সংক্ৰমিত হোৱা মূল ঘাটিলৈ ৰূপান্তৰ হোৱা বুলি তেখেতৰ নিজা এক সমীক্ষাত পোহৰলৈ আহিছে। তেখেতে ৰাজ্যখনৰ অন্যান্য জিলাসমূহতো এনে তথ্য পোৱাৰ উদাহৰণ দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে আজি ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে বিশ্বনাথ জিলা ভ্ৰমণ কৰিছিল।


    “আমি যদি বিশ্বনাথ জিলাত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ বিছাৰো, তেন্তে তিনিদিনৰ ভিতৰত সকলো অবৈধ মদৰ ঘাটি উৎখাত কৰিব লাগিব। এই ক্ষেত্ৰত কোনো ধৰণৰ বুজাপৰা কৰা নহ’ব। মই সকলোকে বিষয়টো অতি গুৰুত্ব সহকাৰে লোৱাটো বিছাৰো,” এই বুলি শ্ৰী হাজৰিকাই মন্তব্য কৰে। তেখেতে লগতে কয় যে এই নিৰ্দেশ বাস্তৱত পালন নহ’লে সংশ্লিষ্ট এলেকাৰ ৰাজহ চক্ৰ বিষয়াসকলক জৱাবদিহি কৰা হ’ব। ক’ভিডৰ মূল ঘাটি হিচাবে চিনাক্ত হোৱা অঞ্চলবোৰত আৰু ইয়াৰ আশে-পাশে টিকাকৰণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিবলৈও মন্ত্ৰীগৰাকীয়ে প্ৰশাসন আৰু স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। তেখেতে লগতে আৰু কয় যে ক’ভিড ৰোগাক্ৰান্তই যাতে অন্য ব্যক্তিলৈ ৰোগৰ বীজানু বিয়পাব নোৱাৰে, তাৰ বাবে গৃহ পৃথকীকৰণক উৎসাহিত কৰিব নালাগে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সকলো নীতি-নিৰ্দেশনা কঠোৰভাৱে মানি চলিব পৰা ৰোগীকহে গৃহ পৃথকীকৰণৰ অনুমতি দিব লাগে।


    বিশ্বনাথ জিলাত যোৱা ২৮ জুনৰ পৰা দিনে-নিশা ২৪ ঘণ্টাই সান্ধ্য আইন চলি আছে। তথ্য অনুসৰি সান্ধ্য আইন বলবৎ হোৱা দিন ধৰি ক’ভিড আক্ৰান্তৰ হাৰো কমি আহিছে। তুলনামূলক সমীক্ষা অনুযায়ী সান্ধ্য আইনৰ পূৰ্বে ক’ভিড আক্ৰান্তৰ হাৰ আছিল ৩.৩৫ শতাংশ আৰু বৰ্তমান ই কমি গৈ হৈছে ২.৭৭ শতাংশ।
    মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জিলাখনত ৰূপায়ন হৈ থকা প্ৰকল্পসমূহৰো পৰ্যালোচনা কৰে। তেখেতে ‘জল জীৱন অভিযান’ৰ প্ৰকল্পৰ কাম্-কাজসমূহৰ গতি খৰতকীয়া কৰি নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিবলৈ সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশ দিয়ে।


    আজিৰ ক’ভিড পৰ্যালোচনা সভাত অভিভাৱক সচিব  ৰাজেশ প্ৰসাদ, জিলা উপায়ুক্ত  প্ৰণৱ কুমাৰ শৰ্মা, আৰক্ষী অধীক্ষক ৰিপুল দাস, গহপুৰৰ মহকুমাধিপতি  আদিত্য বিক্ৰম যাদৱ আৰু অন্যান্য বিভিন্ন বিভাগৰ প্ৰশাসনীয় বিষয়াসকলো উপস্থিত আছিল।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds