31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    অপৰূপা চিজুছাক পৰ্যটন ক্ষেত্ৰৰূপে উন্নয়নত গুৰুত্বঅসম অৰুণাচল সীমান্তৰ মনোমোহা প্ৰাকৃতিক পৰিবেশত বিশ্বনাথ জিলা উন্নয়ন সমিতিৰ সভা

    অপৰূপা চিজুছাক পৰ্যটন ক্ষেত্ৰৰূপে উন্নয়নত গুৰুত্বঅসম অৰুণাচল সীমান্তৰ মনোমোহা প্ৰাকৃতিক পৰিবেশত বিশ্বনাথ জিলা উন্নয়ন সমিতিৰ সভা

     বিশ্বনাথ চাৰিআলি, ১১ জানুৱাৰী: গতানুগতিক সভাতকৈ কিছু ব্যতিক্ৰমী চিন্তাৰে বিশ্বনাথ জিলা বিশ্বনাথ জিলা উন্নয়ন সমিতিৰ সভাখন বিশ্বনাথ জিলা প্ৰশাসনে আজি অনুষ্ঠিত কৰিলে অসম অৰুণাচল প্ৰদেশ সীমান্তৰ চিজুছাত। অৰুণাচল প্ৰদেশৰ সু উচ্চ পাহাৰৰ পৰা কুলু কুলু সুৰেৰে বৈ অহা বৰদিকৰাই নদীৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিবেশত বিশ্বনাথ জিলাৰ অন্তৰ্গত চিজুছাত অনুষ্ঠিত হোৱা এই উন্নয়ন পৰ্যালোচনা সভাতে সৰ্বজনবিদিত, প্ৰকৃতিৰ লাস্যময়ী অপৰূপা চিজুছাক এখন জাকত জিলিকা পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তুলিবৰ বাবেও আজিৰ পৰ্যালোচনা সভাত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। বিশ্বনাথ জিলাৰ উপায়ুক্ত দেব কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা জিলা উন্ময়ন পৰ্যালোচনা সভাত চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত ড০ সুৰ্য্য কমল বৰা, লিজা তালুকদাৰ, বিশ্বনাথৰ সদৰ মহকুমাধিপতি বিশ্বজিৎ শইকীয়া প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়া সকলৰ লগতে জিলাখনৰ স্বাস্থ্য, চিকিৎসা, লোকনিৰ্মান, জনস্বাস্থ্য কাৰিকৰী, পশুপালন আৰু পশু চিকিৎসা, জলসিঞ্চন, জলসম্পদ আদি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া অভিযন্তা সকল উপস্থিত থাকে। সভাত উপস্থিত থকা বিভাগীয় মূৰব্বী সকলে নিজ নিজ বিভাগৰ আঁচনি আৰু প্ৰকল্প সমূহৰ ৰূপায়ণৰ  খতিয়ান দাঙি ধৰে। উপায়ুক্ত গৰাকীয়ে বিভাগীয় মূৰব্বী সকলক আঁচনি আৰু প্ৰকল্প সমূহৰ ৰূপায়ণৰ গতি ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়। সভাত প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়াৰ নিজ নিজ বিভাগৰ বিগত বছৰৰ পৰিকল্পনা আৰু কৰ্মৰাজিৰ খতিয়ান দাঙি ধৰাৰ লগতে চলিত বৰ্ষৰ পৰিকল্পনাসমুহ উপস্থাপন কৰে। সভাত উপায়ুক্ত গৰাকীয়ে যি বিভাগে যোৱা বছৰৰ সম্পূৰ্ণ কৰিবলগীয়া কাম তথা পৰিকল্পনা সম্পূৰ্ণ কৰিব নোৱাৰিলে তাৰো খতিয়ান বিচাৰিলে। বিধায়ক পদ্ম হাজৰিকাই বিভাগসমুহে চলিত বৰ্ষত চৰকাৰী পৰিকল্পনাসমুহ ভাল দৰে ৰূপায়ন কৰি বিশ্বনাথক এখন আদৰ্শ জিলা হিচাপে গঢ়ি তোলাৰ সংকল্প ল’বলৈ, অসম অৰুণাচল সীমান্তৱৰ্তী চিজুচাক অহা বছৰৰ ভোগালী বিহুৰ পুৰ্বে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ বাবে আহ্বান জনায়। এই ক্ষেত্ৰত তেওঁ পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও সদৰি কৰে। বিধায়ক গৰাকীয়ে আন্তঃৰাজ্যিক সীমান্ত সম্প্ৰীতি আৰু সীমান্ত বজাৰৰ বিকাশৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। সভাত ক্ষেত্ৰ পৰ্যায়ত সকলো বিভাগক একত্ৰিত কৰি বিকাশ ত্বৰাণ্বিত কৰা আৰু সকলো গ্ৰাম্য পৰিয়ালক জীৱিকা প্ৰদানৰ জৰিয়তে “আত্ম নিৰ্ভৰ বিশ্বনাথ” কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds