Saturday, June 14, 2025
36.7 C
Guwahati
TOP NEWS:

অংগনৱাড়ী শিশুসকলক ‘ঘৰলৈ ৰেচন লওক’ বিশ্বনাথৰ বিধায়কে আনুষ্ঠানিকভাৱে বিতৰণ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

ডিজিটেল ডেস্ক বিশ্বনাথ চাৰিআলি , ৩০ অক্টোবৰঃ বিধায়ক প্ৰমোদ বৰঠাকুৰে আজি বিশ্বনাথ সমষ্টিৰ নীলপুৰ অংগনৱাড়ী কেন্দ্ৰৰ শিশুসকলক ‘ঘৰলৈ ৰেচন লওক’ (টেক হোম ৰেচন, চমুকৈ টি. এইচ. আৰ.) আনুষ্ঠানিকভাৱে বিতৰণ কৰে। সমন্বিত শিশু বিকাশ সেৱা (আই.চি.ডি.এছ.) আঁচনিৰ অধীনত পৰিপূৰক পুষ্টি কাৰ্যসূচী (এছ.এন.পি.)ৰ অংশ হিচাপে ‘ঘৰলৈ ৰেচন লওক’ বিতৰণ কৰা হৈছিল।

 

উল্লেখ্য যে টি.এইচ.আৰ. কিটত চাউল, দাইল, চয়াবীন, সৰিয়হৰ তেল, কণী, পাচলি আদি আছিল। আজিৰ কাৰ্যসূচীত, প্ৰায় ১৫ টি শিশুক আনুষ্ঠানিকভাৱে টি.এইচ.আৰ. কিট প্ৰদান কৰা হয়।
প্ৰণিধানযোগ্য, কোভিড মহামাৰীৰ বাবে বিদ্যালয়সমুহ বন্ধ হোৱাৰ পিছত, শিশুসকলক টি.এইচ.আৰ. প্ৰদান কৰা হৈছে যাতে তেওঁলোকৰ পুষ্টিগ্ৰহণ প্ৰভাৱিত নহয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক বৰঠাকুৰে কয় যে চৰকাৰে শিশুসকলৰ মাজত পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু সেয়েহে টি. এইচ. আৰ. কিটত পুষ্টিগত খাদ্য সামগ্ৰী থাকে আৰু প্ৰতি মাহে এয়া শিশুসকলক প্ৰদান কৰা হয়। তেওঁ কয় যে টি. এইচ. আৰ. কিট বিতৰণৰ বাবে এটি অনুষ্ঠান আয়োজন কৰাৰ উদ্দেশ্য হৈছে হিতাধিকাৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা, যাতে কোনো শিশু পুষ্টিকৰ আহাৰ পোৱাৰ পৰা বঞ্চিত নহয়। বিধায়ক প্ৰমোদ বৰঠাকুৰে সাকোমঠা ব্লকৰ অধীনত গুৰুতৰ তীব্ৰ পুষ্টিহীনতাত ভুগি থকা এগৰাকী কিশোৰীৰ বাবে সকলো চিকিৎসা ব্যয় বহন কৰাৰ কথাও ঘোষণা কৰে।
আজিৰ কাৰ্যসূচীত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত লিজা তালুকদাৰ, মহকুমাধিপতি (সদৰ) দীপন বৰ্মন, সহকাৰী আয়ুক্ত অনন্যা লহকৰ, তথ্য আৰু জনসংযোগ বিষয়া সুপ্রতিম দে আৰু সাকোমঠা খণ্ডৰ শিশু বিকাশ প্ৰকল্প বিষয়া জ্যোতিষ বৰুৱা উপস্থিত থাকে।

- Advertisement -

Hot this week

দৃশ্য-শ্ৰাব্য নতুন গীত ‘মৰমৰ কওৱা’ শুভমুক্তিৰ বাবে সাজু

লিডুৰ পৰা দেৱজিত বৰাঃ ডি বি প্ৰডাকচনৰ নিবেদনত অসমৰ...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

Topics

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

Related Articles

Popular Categories

Assam
overcast clouds
34.3 ° C
34.3 °
34.3 °
59 %
0.9kmh
100 %
Sat
34 °
Sun
34 °
Mon
30 °
Tue
30 °
Wed
29 °