ৰামধেনু যুগৰ এগৰাকী বিশিষ্ট গল্পলেখক শ্রীনিত্যানন্দ তামূলীৰ যোৱা ১৩ নৱেম্বৰৰ দিনা বিয়লি ৩.১৫ বজাত গুৱাহাটীৰ ছয়মাইলস্থিত ‘আকাংক্ষা মেন্ছন’ৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। তামূলীয়ে ১৯৫৭ চনত গোলাঘাটৰ ঢেকিয়াল হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজ আৰু বি. বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। গুৱাহাটীৰ পৰা প্ৰকাশিত বাৰ্ষিক সংখ্যা ‘নীলাচল’ আৰু পৰৱৰ্তী সময়ত প্ৰকাশ পোৱা ‘সাপ্তাহিক নীলাচল’কাকতৰ সম্পাদনা বিভাগত কাৰ্যনিৰ্বাহ কৰে। তেখেতে আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত ভাষা-সাহিত্য সম্পর্কীয় বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে এগৰাকী নাট্যকাৰ হিচাপেও পৰিচয় লাভ কৰে। শশী ফুকনৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত ‘বিস্ময়’আলোচনী প্ৰকাশ আৰু পৰিকল্পনাত তামূলীৰ ভূমিকা আছিল অনন্য।
তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্রণয়ন বিভাগত নিযুক্তি লাভ কৰে আৰু সচিব ড° ভবেন্দ্ৰনাথ শইকীয়াৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। পৰৱৰ্তী সময়ত বিভাগীয় সচিবৰূপে কাৰ্যভাৰ গ্ৰহণ কৰি ২০০২ চনত অৱসৰ গ্ৰহণ কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া মাধ্যমৰ উচ্চ শিক্ষাৰ পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰত তেখেত সমন্বয় আৰু সম্পাদনাৰ দায়িত্ব বহন কৰিছিল। অৱসৰকালীন সময়ত সামাজিক দায়বদ্ধতাৰে বিভিন্ন সামাজিক আৰু সাহিত্য সংস্কৃতিৰ অনুষ্ঠানৰ সৈতে নিবিড়ভাৱে জড়িত আছিল। তেখেত আছিল গ্ৰন্থ প্ৰকাশন আৰু মুদ্ৰণ ব্যৱস্থাৰ এগৰাকী অভিজ্ঞ ব্যক্তি। তামূলীৰ ১৯৪০ চনৰ ২৮ ফেব্ৰুৱাৰীত গোলাঘাটত জন্ম গ্রহণ কৰিছিল। তেখেতৰ দেউতাক আছিল ডিম্বেশ্বৰ তামূলী আৰু মাতৃ আছিল ডালিমী তামূলী। তামূলীয়ে মৃত্যুৰ সময়ত পত্নী আৰু এগৰাকী কন্যাসহ বহু আত্মীয় স্বজন আৰু গুণমুগ্ধক এৰি থৈ গৈছে। সন্ধ্যা অগণন গুণমুগ্ধৰ উপস্থিতিত ‘ভূতনাথ’শ্মশানত তামূলীৰ শেষকৃত্য সম্পন্ন কৰা হয়। উল্লেখ্য যে তামূলী শিশু আলোচনী ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ৰ সম্পাদক শান্তনু তামূলীৰ জ্যেষ্ঠ ভাতৃ।
ৰামধেনু যুগৰ গল্প লিখক নিত্যানন্দ তামূলীৰ বিয়োগ
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]




