Thursday, August 14, 2025
23.8 C
Guwahati
TOP NEWS:

ৰাজ্যখনৰ মূলধনী ব্যয় বৰ্তমান যথেষ্ট বৃদ্ধি হৈছেঃ মুখ্যমন্ত্ৰী

- Advertisement -

অসম বিধানসভাত আজি ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটক লৈ আলোচনা অনুষ্ঠিত হয়। আলোচনাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ৰাজ্যখনৰ মূলধনী ব্যয় বৰ্তমান যথেষ্ট বৃদ্ধি হৈছে। ২০১৫-১৬ বৰ্ষত এই ব্যয় ২ হাজাৰ ৯৫১ কোটি আছিল বুলি উল্লেখ কৰি তেওঁ কয়, যে ২০২৪-২৫ বৰ্ষত এই পৰিমাণ ২৪ হাজাৰ ৯৬৪ কোটি টকালৈ বৃদ্ধি হৈছে। ইয়াৰ ফলস্বৰূপে ৰাজ্যখন মূলধনী ব্যয়ৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত এখন অন্যতম ৰাজ্য হ’বলৈ সাজু হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ দেশৰ বৰ্তমান সামগ্ৰিক বিকাশৰ হাৰ ৯ শতাংশৰ তুলনাত অসমৰ বিকাশৰ হাৰ ১৪ৰ পৰা ১৫ শতাংশ বুলি উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি অৰুণোদয়ৰ জৰিয়তে তৃণমূল পৰ্যায়ত অৰ্থনীতিৰ বিকাশ ঘটিছে বুলি উল্লেখ কৰি কয় যে দেশৰ প্ৰায় ৫ খন ৰাজ্যই অৰুণোদয় আঁচনিৰ দ্বাৰা অনুপ্ৰাণিত হৈ এনেধৰণৰ আঁচনি ৰূপায়ণ কৰিছে। ৰাজ্যৰ ১৭টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বর্তমান সময়ত লাভজনক পৰ্যায়ত আছে আৰু এই প্ৰতিষ্ঠানসমূহে সামূহিক মুঠ সম্পদত প্রায় ৪০ হাজাৰ কোটি টকাৰ অৰিহনা যোগাইছে। ৰাজ্য চৰকাৰে মহানগৰৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে।

Hot this week

গুৱাহাটীত নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত কাৰিকৰী সমৃদ্ধি

■ গুৱাহাটীস্থিত আঞ্চলিক নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ৮ আগষ্ট...

ASSAM RIFLES CELEBRATES WORLD TRIBAL DAY IN TAMENGLONG, MANIPUR

Assam Rifles celebrated World Tribal Day in New...

এনএছইউআইৰ নতুন সভাপতি কৌশিক কাশ্যপৰ দায়িত্ব গ্ৰহণ

ৰাজীৱ ভৱনত মাৰাথন কাৰ্যসূচীত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ...

Topics

গুৱাহাটীত নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত কাৰিকৰী সমৃদ্ধি

■ গুৱাহাটীস্থিত আঞ্চলিক নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ৮ আগষ্ট...

এনএছইউআইৰ নতুন সভাপতি কৌশিক কাশ্যপৰ দায়িত্ব গ্ৰহণ

ৰাজীৱ ভৱনত মাৰাথন কাৰ্যসূচীত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ...

ASSAM RIFLES CELEBRATES WORLD TRIBAL DAY IN TAMENGLONG, MANIPUR

Assam Rifles celebrated World Tribal Day in New...

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি

  গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্রীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত...

বেদখলৰ বিৰুদ্ধে উচ্ছেদৰ সমৰ্থনত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্যঃ

'আমাৰ বনাঞ্চলত কোনো বে-আইনীভাবৱে বহিব নোৱাৰিব। অবৈধ বে-দখলৰ বিৰুদ্ধে...

উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ বিতৰণ

◊ আজি উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
23.6 ° C
23.6 °
23.6 °
97 %
0.9kmh
100 %
Wed
24 °
Thu
30 °
Fri
32 °
Sat
32 °
Sun
26 °