31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    ৰঙাপৰাত ৰঙাপৰা মহাবিদ্যালয়ৰ ৰাষ্ট্রীয় সেৱা আঁচনিৰ বিশেষ শিৱিৰ অনুষ্ঠিত

    ● ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত ৭ দিনীয়া কাৰ্যসূচীৰে ৰঙাপৰা মহাবিদ্যালয়ৰ ৰাষ্ট্রীয় সেৱা আঁচনিৰ এক বিশেষ শিৱিৰ অনুষ্ঠিত হয়। ৰঙাপৰাৰ ১ নং নাহৰণী গ্ৰাণ্ট প্ৰাথমিক বিদ্যালয়ত শিৱিৰ স্থাপন কৰি কাৰ্যসূচী অনুষ্ঠিত কৰে।

    কাৰ্যসূচী অনুসৰি যোৱা ৪ এপ্ৰিলত গাঁওখনৰ সমাজ সেৱক হেমচন্দ্ৰ লিম্বুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত শিৱিৰটোৰ বিষয়ে ব্যাখ্যা আগবঢ়াই ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যাপক তথা আঁচনিৰ বিষয়া অশ্বিনী কুমাৰ ডেকাই।

    সভাত উপস্থিত থকা ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যাপক মুনিন বৈশ্য, বড়ো বিভাগৰ মূৰব্বী অধ্যাপক প্ৰশান্ত বড়ো, ৰঙাপৰা ক্ৰীড়া সন্থাৰ সভাপতি বিৰোজ শইকীয়া, সমাজ কৰ্মী বলেন চক্ৰৱৰ্তী, স্থানীয় ব্যক্তি ৰাজেন চুব্বা, এণ্টনী ষ্টেনহাৰ, প্ৰকাশ লিম্বু, মুক্তিনাথ চুব্বাই বক্তব্য দাঙি ধৰিছিল।

    ৫ এপ্ৰিলত ৰঙাপৰা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ গোটে ১ নং নাহৰণী গ্ৰাণ্ট গাঁওখনত জৰীপ চলাই গাঁওখনৰ অৰ্থনৈতিক, সামাজিক তথ্য সংগ্ৰহ, শিক্ষা, স্বাস্থ্য, খোৱাপানীৰ স্বেচ্ছাসেৱী সকলৰ মাজত বিভিন্ন তথ্য সংগ্ৰহ কৰে।আলোচনা আৰু দুয়োটা নিশা স্থানীয় ৰাইজৰ সহযোগত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে।

    উল্লেখযোগ্য যে ৰঙাপৰা মহাবিদ্যালয়ৰ ৰাষ্ট্রীয় সেৱা আঁচনি গোটৰ ৩০ গৰাকী ছাত্র-ছাত্ৰী আৰু জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ৬ গৰাকী আমন্ত্ৰিত ছাত্র-ছাত্ৰীয়ে নাহৰণী গ্ৰাণ্ট গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিৱিৰত থাকি বিশেষ শিৱিৰ ৰূপায়ণ কৰে।

    ইফালে ৰঙাপৰা মহাবিদ্যালয়ৰ ৰাষ্ট্রীয় সেৱা আঁচনি গোটে ৫ বছৰৰ বাবে ১ নং নাহৰনী গ্ৰান্ট গাঁওনক ‘পোষ্য গ্ৰাম’ (Adopted Village) হিচাপে গ্ৰহণ কৰে। ৰাষ্ট্ৰীয়।সেৱা আঁচনিৰ সাতদিনীয়া কাৰ্যসূচী অহা ১০ এপ্ৰিলত সামৰণি পৰিব বুলি আঁচনি বিষয়া অশ্বিনী কুমাৰ ডেকাই কয়।

    আজি ১ নং নাহৰনী গ্ৰান্ট প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ৰাষ্ট্ৰীয় সেৱা আচনি গোটৰ উদ্যোগত এক মুকলি সভা অনুষ্ঠিত হয়।বিয়লি ৫ বজাত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ৰঙাপৰা ক্ৰীড়া সন্থাৰ সভাপতি বিৰোজ শইকীয়াই।ৰঙাপৰা মহাবিদ্যালয় ছাত্র একতা সভাৰ সভাপতি সুভংকৰ দেই আত ধৰা আত ধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যাপক মুনিন্দ্ৰ বৈশ্য, অশ্বিনী ডেকা,বৰ্নালী শুৰ,বালিপৰা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মনিশ ঠাকুৰ,১ নং নাহৰনী গ্ৰান্ট প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপিন বড়ো,ৰঙাপৰা মহাবিদ্যালয় বানিজ্য শাখাৰ সহকাৰী অধ্যাপক মন্তোশ পাল,সদৌ অসম ছাত্ৰ সন্থাৰ ৰঙাপৰা আঞ্চলিকৰ সভাপতি অবিনাশ বৰা,ৰেলৱে মজদুৰ ইউনিয়নৰ সহকাৰী সাধাৰণ সম্পাদক অসীম ডেকা,এন্টনী ষ্টেনাৰ ,হেমচন্দ্ৰ লিম্বু,ৰাজেন ছুব্বা,ছাবিও ৰজাৰিঅ,আগনেছ ষ্টেনহাৰ,অসম জাতীয়তাবাদী যুব ছাত্র পৰিষদৰ ৰঙাপৰা শাখাৰ সভাপতি জিতু তালুকদাৰ,গোৰ্খা ছাত্ৰ সন্থাৰ ৰঙাপৰা আঞ্চলিকৰ সভাপতি সঞ্জয় লিম্বুয়ে অংশগ্ৰহণ কৰে।

    সভাত ৰঙাপৰা মহাবিদ্যালয়ৰ ছাত্ৰী ৰোহিনী বড়োয়ে ৰাভা সংগীতৰ আধাৰত আৰু ত্যাগ বীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী হিমা দেৱীয়ে নেপালী নৃত্য প্ৰদৰ্শন কৰে।সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি বালিপৰা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মনিশ ঠাকুৰে কয় যে ভাৰতৰ প্ৰাণ গাঁৱত বসবাস কৰে। গাঁওখনত বসবাস কৰি থকা বিভিন্ন জাতি-জনগোষ্ঠীৰ জীৱন প্ৰণালী অনুধাৱন কৰাৰ উদ্দেশ্যেৰে ছাত্র-ছাত্ৰীসকলে জৰীপ চলাই।

    অহংকাৰী মানুহ আনক কেতিয়াও উপকাৰ নকৰে। শিক্ষা অবিহনে এখন সুষ্ঠ সমাজ গঢ়ি নুঠে। ভাল শ্ৰমিক হবলৈ হলেও শিক্ষিত হব লাগিব। বৰ্তমান সময়ত মানুহ আত্মকেন্দ্ৰিক হৈ পৰিছে। প্ৰকৃত শিক্ষাৰে প্ৰত্যেকজন ব্যক্তিয়ে সমাজখন আগুৱাই নিব লাগিব। সুৰা প্ৰচলন তথা মাদ্ৰক দ্ৰৱ্য পৰিহাৰে সমাজখন গঢ়ি তোলাৰ প্ৰয়াস ল’ব লাগিব। ল’ৰা-ছোৱালীসকলক গুণগত সময় দিবলৈ অভিভাৱক সকলক উপদেশ দিয়ে। নিজৰ ভাৰতবৰ্ষখন বা মানুহৰ প্ৰকৃত পৰিচয় জানিবলৈ হলে বিভিন্ন ৰাজ্য পৰিভ্ৰমণ কৰিব লাগিব বুলি সদৰী কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds