31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    ৪ ফেব্ৰুৱাৰীত চিত্ৰ গৃহলৈ আহিব আন্ত:ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অসমীয়া বোলছবি ‘ব্ৰিজ’

    ৪ ফেব্ৰুৱাৰীত চিত্ৰ গৃহলৈ আহিব আন্ত:ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অসমীয়া বোলছবি ‘ব্ৰিজ’

    নৱাগত অভিনেতা- অভিনেত্ৰী স্বপ্নীল-শিৱাৰাণীলৈ ৰাষ্ট্ৰীয় বঁটা প্ৰদান

    আন্ত:ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অসমীয়া বোলছবি ‘ব্ৰিজ’

    অহা ৪ ফেব্ৰুৱাৰীত অসমৰ চিত্ৰগৃহত মুক্তিলাভ কৰিব। এই কথা সদৰী কৰিছে ছৱিখনৰ পৰিচালক কৃপাল কলিতাই। এই উদ্দেশ্যে কালি লখিমপুৰ জিলাৰ নাৰায়ণপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত অভিনেতা তথা ছৱিখনৰ পৰিচালক কৃপাল কলিতাই এই কথা জানিবলৈ দিয়ে।

    সাংবাদিক কৰুণা কৃষ্ণ নাথে আঁত ধৰা সংবাদ মেলখনত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ছৱিখনৰ পৰিচালক কৃপাল কলিতাই বহু প্ৰতীক্ষিত অসমীয়া বোলছবি ‘ব্ৰিজ’ অসমৰ দৰ্শক ৰাইজে অসমৰ বিভিন্ন চিত্ৰগৃহত উপভোগ কৰিবলৈ পাব বুলি উল্লেখ কৰি সংবাদ মেলখনৰ জৰিয়তে চলচ্চিত্ৰপ্ৰেমী ৰাইজক ছবিখন উপভোগ কৰিবলৈ পৰিচালক কলিতাই আহ্বান জনায়। উল্লেখ্য, ৫১ সংখ্যক ভাৰতীয় আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমখন অসমীয়া ছবিৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই তিনিটাকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰাৰ লগতে পৰিচালক কৃপাল কলিতাই দুটাকৈ শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। উক্ত ‘ব্ৰিজ’ চলিত লখিমপুৰৰ কণমানি শিল্পী স্বপ্নীল নাথেও অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ পৰা অস্কাৰৰ প্ৰথম দৌৰত অৱতীৰ্ণ হোৱা ‘ব্ৰিজে’ এতিয়ালৈকে ১০ ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। ৰমা কুমাৰ দাস আৰু সবিতা দেবী প্ৰযোজিত ছবিখনে ইতিমধ্যে ৩৮ টাতকৈও অধিক আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। কৃষ্টি পথাৰৰ বেনাৰত নিৰ্মিত পূৰ্ণ দৈৰ্ঘৰ ছবি ‘ব্ৰিজ’ ৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতাৰ। ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ছবিখন সম্পাদনা কৰিছে কিশোৰ ডেকাই।
    সংবাদ মেলখনত পৰিচালক গৰাকীৰ লগতে মূল অভিনেত্ৰী শিৱাৰাণী কলিতা, অভিনেতা স্বপ্নীল নাথ, অন্যতম শুভাকাংক্ষী তথা সাংস্কৃতিক কৰ্মী মৃণাল দত্ত, নীপ দত্ত প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য লোক উপস্থিত থাকে ।

    নাৰায়ণপুৰৰপৰা
    জয়ন্ত কুমাৰ হাজৰিকাৰ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds