সামৰিক মৰ্যাদাৰে বিদায় বিশ্বনাথৰ প্ৰাক্তন সৈনিক ৰাষ্ট্ৰপতি সন্মান প্ৰাপ্ৰক বীৰ ছুবেদাৰ ইন্দ্ৰ সিং গুৰুংক
অসম খবৰ ডিজিটেল ডেস্ক ২৭ আগষ্ট ::
সামৰিক মৰ্যাদাৰে বিদায় জনালে বিশ্বনাথৰ গলিয়াগাঁৱৰ নিবাসী প্ৰাক্তন সৈনিক তথা ৰাষ্ট্ৰপতি সন্মান প্ৰাপ্ৰক বীৰ ছুবেদাৰ ইন্দ্ৰ সিং গুৰুং ৷১৯৩০চনত জন্মগ্ৰহণ কৰা ছুবেদাৰ ইন্দ্ৰ সিং গুৰুঙে ১৯৪৭ চনত মাত্ৰ সোতৰ বছৰত যোগদান কৰিছিল ৬নং আসাম ৰাইফলছত ৷তিনিখনকৈ ১৯৬২ চীন ৬৫চনত ভাৰত-পাকিস্তান আৰু ১৯৭১চনত ভাৰত-বাংলাদেশ যুদ্ধত অৱতীৰ্ণ হোৱা আৰু ১৯৭৫চনত ইম্ফলত ৩টাকৈ উগ্ৰপন্থীৰ ঘাটি ধংস কৰি তেতিয়াৰ ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদে প্ৰদান কৰিছিল শৌৰ্যচক্ৰ সন্মান ৷

ইয়াৰ উপৰিও তেওঁৰ কাৰ্যকালত আৰু বহুতো সন্মান লাভ কৰা প্ৰয়াত ইন্দ্ৰ সিং গুৰুঙে ১৯৭৯ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি ৯২ বছৰ বয়সত আজি বাৰ্ধক্যজনিত কাৰণত মৃত্যু বৰণ কৰা প্ৰাক্তন বীৰ ছুবেদাৰ জোৱানজনক সামৰিক মৰ্যাদাৰে ১৭ নং আসাম ৰাইফলৰ জোৱানসকলে সামৰিক নিয়মেৰে শেষকৃত্য সম্পন্ন কৰে ৷