Wednesday, July 30, 2025
27.5 C
Guwahati
TOP NEWS:

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্রশাসনৰ সহযোগত মনোজ্ঞ অনুষ্ঠান বিশ্বনাথত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সশ্ৰদ্ধ সোঁৱৰণ

- Advertisement -
  • সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্রশাসনৰ সহযোগত মনোজ্ঞ অনুষ্ঠান

    বিশ্বনাথত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সশ্ৰদ্ধ সোঁৱৰণ

অসম খবৰ বিশ্বনাথ চাৰিআলি, ২০ জুন : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্রশাসনৰ সহযোগত আজি বিশ্বনাথ জিলাতো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সশ্ৰদ্ধ স্মৰণ কৰা হয়। বিশ্বনাথ চাৰিআলি কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হোৱা এই বিশেষ কাৰ্যসুচীত কলাগুৰুৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি কাৰ্যসূচীৰ পাতনি মেলে উপস্থিত বিশিষ্ট অতিথি সকলে।

সাধনা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ প্রাঞ্জল ডেকাৰ পৰিচালনাত মহাবিদ্যালয়খনিৰ ছাত্ৰীৰ দ্বাৰা এটি সমবেত সঙ্গীত পৰিবেশনৰ পিছতেই আদৰণি ভাষণ প্ৰদান কৰে বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত অসীম বৰগোহাঁয়ে।

বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহকাৰী ডীন ড০ ৰণেন বৰ্মন আৰু নিদিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰি বিশিষ্ট লেখক, নিবন্ধকাৰ দিলীপ কুমাৰ ভট্টাচাৰ্যই প্ৰদান কৰা নাতিদীৰ্ঘ ভাষণত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন দৰ্শন, সংগ্ৰাম আৰু অসমৰ সমাজ সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কথা উল্লেখ কৰে।

অঞ্জন বৰাই আঁত ধৰা অনুষ্ঠানটিত নৃত্যাঞ্জলি, বিশ্বনাথৰ দ্বাৰা বিষ্ণুৰাভাৰ গীতৰ ওপৰত আধাৰিত একক নৃত্য পৰিবেশন কৰাৰ উপৰিও গীতিকাৰ, সুৰকাৰ, শিল্পী ক্ৰমে দিবাকৰ বৰা, মনজিৎ বৰঠাকুৰ আৰু অনিতা গগৈয়ে বিষ্ণু ৰাভা সঙ্গীত পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। এই অনুষ্ঠানতে নলবাৰীত অনুষ্ঠিত হোৱা কলাগুৰু বিষ্ণু ৰাভাৰ কেন্দ্ৰীয় অনুষ্ঠানত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰদান কৰা ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।

আজিৰ এই বিশেষ কাৰ্যসুচীত বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লিজা তালুকদাৰ, বিহালী সম-জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, গহপুৰ সম-জিলা আয়ুক্ত লুকুমনি বৰা, অতিৰিক্ত জিলা আয়ুক্তদ্বয় ৰাকেশ ডেকা আৰু অসীম বৰগোহাঁই, বিশ্বনাথৰ চক্ৰ বিষয়া (সংলগ্ন) মুনচুন বৰকাকতী, নিৰ্বাচনী বিষয়া ধীমান হাজৰিকা, সহকাৰী আয়ুক্ত পুষ্পাংকৰ পাটিৰ, প্ৰশাসনিক বিষয়া গিৰীশ হাজৰিকা, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, জ্যেষ্ঠ নাগৰিক সকল, আমন্ত্ৰিত অতিথিসকলৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল।

Hot this week

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Poor family availing PMJAY benefits in SSB Composite Hospital...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
clear sky
27.4 ° C
27.4 °
27.4 °
84 %
0.8kmh
6 %
Wed
27 °
Thu
34 °
Fri
33 °
Sat
33 °
Sun
30 °