Wednesday, July 30, 2025
33.3 C
Guwahati
TOP NEWS:

লামডিং-বদৰপুৰ পাহাৰীয়া খণ্ডত মালবাহী ৰে’ল লাইনচ্যুত; বৰাক উপত্যকা, ত্ৰিপুৰাৰে দেশৰ বাকী খণ্ডৰ ৰে’ল চলাচল ব্যাহত

- Advertisement -

গুৱাহাটীঃ যেন কিবা কালিকা লাগিছে লামডিং-বদৰপুৰ পাহাৰীয়া খণ্ডৰ ডিমা হাচাও জিলাত। কিয়নো দুৰ্গা পূজাৰ প্ৰাক ক্ষণত নিউ হাফলং ৰে’ল ষ্টেচনৰ সমীপত এখন যাত্ৰীবাহী ৰে’ল লাইনচ্যুত হৈ ডেৰদিন ধৰি ৰেলৰ চলাচল বন্ধ হৈ থকাৰ পাছত কালি বিয়লি পুনৰ ডিমা হাছাও জিলাৰ মুপা ৰে’ল ষ্টেছনৰ সমীপত থকা সুৰংগত এখন মালবাহী ৰে’লৰ লাইনচ্যুত হয়। ফলত কালিৰে পৰা এই পৰ্যন্ত দেশৰ আন অঞ্চলৰে সৈতে অসমৰ বৰাক উপত্যকাৰ উপৰি ত্ৰিপুৰাৰ সৈতে ৰে’ল সংযোগ ব্যাহত হৈ আছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শর্মাই আজি সন্ধিয়া এটা বিবৃতি যোগে সদৰি কৰা অনুসৰি মালবাহী ৰে’লখন লাইনচ্যুত হোৱাৰ পাছত ক্ষতিগ্রস্ত হোৱা ৰে’ললাইনটো মেৰামতি কৰি ৰে’লৰ সংযোগ অব্যাহত ৰাখিবলৈ দিনে নিশাই ৰে’লৱেৰ শ্ৰমিক সকলে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে। আনকি ৰে’লৱেৰ উচ্চপদস্থ বিষয়া সকলে দুৰ্ঘটনাস্থলীত বাহৰ পাতি মেৰামতি কাৰ্যৰ তদাৰক কৰি আছে। মালবাহী ৰে’লখন লাইনচ্যুত হোৱাৰ পাছত কালি বিয়লিৰ পৰা আজি মাজনিশালৈকে ত্ৰিপুৰা আৰু বৰাক উপত্যকাৰ পৰা উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধিকৃত এলেকাকে ধৰি দেশৰ বিভিন্ন প্রান্তলৈ চলাচল কৰা ১২ খনকৈ যাত্রীবাহী ৰে’লৰ চলাচল সম্পুৰ্ণভাৱে বাতিল কৰিবলগীয়া হৈছে। একেদৰে আন ৮ খন ৰে’লৰ যাত্রা আংশিকভাৱে বাতিল কৰা হৈছে। ৰেলৱে কৰ্তৃপক্ষই বাতিল কৰিবলগীয়া হোৱা যাত্ৰীবাহী ৰে’ল কেইখন হ’ল ক্ৰমে -গুৱাহাটী-আগৰতলা, গুৱাহাটী-দুর্লভচেৰা, ৰঙিয়া-শিলচৰ, গুৱাহাটী-শিলচল, শিলচল-গুৱাহাটী, আগৰতলা, ফিৰোজপুৰ কেন্টনমেন্ট, আগৰতলা-চেকেণ্ডাবাদ, শিলচৰ-শিয়ালদহ, গুৱাহাটী-বদৰপুৰ, বদৰপুৰ-গুৱাহাটী আৰু শিলচৰ-তিৰুঅনন্তপুৰম। তেনেদৰে আন ৮ খন ৰে’লৰ সেৱা আংশিকভাৱে বাতিল কৰা হৈছে।

Hot this week

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
overcast clouds
27.9 ° C
27.9 °
27.9 °
85 %
1.4kmh
85 %
Wed
33 °
Thu
34 °
Fri
33 °
Sat
34 °
Sun
28 °