Friday, June 6, 2025
29.8 C
Guwahati
TOP NEWS:

মংগল নায়কৰ কাহানী/সংলাপ/চিত্ৰনাট্য আৰু জজ ৰাভাৰ পৰিছালনাৰে চাদ্ৰীভাষাৰ বোলছবি “ক্ৰোধ”ৰ দৃশ্যগ্ৰহন ।

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

মংগল নায়কৰ কাহানী/সংলাপ/চিত্ৰনাট্য আৰু জজ ৰাভাৰ পৰিছালনাৰে চাদ্ৰীভাষাৰ বোলছবি “ক্ৰোধ”ৰ দৃশ্যগ্ৰহন ।

ডিজেল অসম খবৰ ৰমেশ চন্দ্ৰ চৰেণ বিশ্বনাথ  , ২০ অক্টোবৰ:

বহু জল্পনা কল্পনাৰ অন্তত জে.এচ প্ৰডাকচনৰ বেনাৰত পোনপ্ৰথম বাৰৰ বাবে আদিবাসী চাহজনগোষ্ঠীৰ চাদ্ৰীভাষাত এখনি পুৰ্ণাংগ পৰ্যায়ৰ কথাছবিৰ চিত্ৰগ্ৰহন পুৰ্ণ গতিত চলি আছে ৷ একচন, কমেডি, ট্ৰেজেডী আৰু ৰোমাণ্টিক সকলো দিশৰ পৰা ৰাইজক আমোদ দিব পৰাকৈ ছবিখন নিৰ্মাণ কৰা হৈছে ৷ অসমৰ বিভিন্ন লোকেচনৰ লগতে অসমৰ বৰ্হিৰাজ্যতো ছবিখনৰ চিত্ৰগ্ৰহন কৰা হৈছে ৷ কাহানী মুখ্যতঃ উচ্চ বৰ্গৰ উদ্যোগপতি সকলে কি দৰে সমাজৰ দুখীয়া লোকসকলক শোষননীতিৰে জীৱন তচনচ কৰে ছবিখনৰ জৰিয়তে সুন্দৰকৈ উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে ৷ ছবিখনৰ কাহানী, সংলাপ , আৰু চিত্ৰনাট্য আদিবাসী চাহজনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠ শিল্পী মংগল নায়কৰ ৷ ছবিখন পৰিছালনা কৰিছে জজ’ ৰাভাই ৷ প্ৰযোজনা চাহজাহান লস্কৰ , আৰু চাহজাহান আলিৰ ৷ চিত্ৰগ্ৰহন কৰিছে হৰজোসিং ৰাভাই ৷ ছবিখনৰ গীতৰ কথা আৰু সুৰ মংগল নায়ক আৰু প্ৰীতম ৰবিদাসৰ ৷ সংগীত পৰিছালনা বিপুল চৌধুৰীৰ ৷ দিগন্ত শৰ্মাৰ ডিজিটেল ষ্টুডিঅত বাণীবদ্ধ হোৱা গীতত কণ্ঠদান কৰিছে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু সুজাতা কাৰ্তিকে ৷ ছবিখনত বিকাশ দাস , চাহজাহান লস্কৰ ,জেকব নায়ক , চাহজাহান আলি ,মৌচুমী বৰা, ৰাজলক্ষ্মী ,অৰুণ কুৰ্মী , গোলচন গোৱালা ,চিমন কুৰ্মী, এনাম চৌধুৰী ,পৱন নায়ক , পুৰ্ণিমা দেৱী, ৰিয়া বিশ্বাস , বিলাল আহমেদ , গনেশ হীৰা , আলী হুছেইন ,ববী বৰা , অভিনয় কৰাৰ লগতে বহু ন-পুৰণি শিল্পীয়ে ভুমুকি মাৰিছে ৷

 

- Advertisement -

Hot this week

Regarding the Launch Event of the Career Haatputhi

Dear Editor, Many readers have asked me—why was there no...

শিশুসকলৰ কেৰিয়াৰ গঠনত সামাজিক অনুষ্ঠানৰ ভূমিকা

🖋️ড° বুলজিৎ বুঢ়াগোহাঁই           শিশুসকলৰ কেৰিয়াৰ গঠন এটা দীঘলীয়া আৰু...

মুখ্যমন্ত্রীৰ সৈতে টেলিফোনিক বাৰ্তালাপত প্রধানমন্ত্ৰীঃ বুজ ললে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি ?

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা...

Topics

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৩০ ছেপ্তেম্বৰলৈকে অটল নগৰীয়া উজ্জীৱিতকৰণ...

Monsoon Session of Parliament to be convened from 21st of next month

The government today announced the schedule for the Monsoon...

The Role of Social Organizations in Children’s Career Development -Dr. Buljit Buragohain 

Children’s career development is a long-term and multifaceted process....

শিশুসকলৰ কেৰিয়াৰ গঠনত সামাজিক অনুষ্ঠানৰ ভূমিকা

🖋️ড° বুলজিৎ বুঢ়াগোহাঁই           শিশুসকলৰ কেৰিয়াৰ গঠন এটা দীঘলীয়া আৰু...

Related Articles

Popular Categories

Assam
clear sky
32.4 ° C
32.4 °
32.4 °
61 %
2.1kmh
1 %
Fri
32 °
Sat
34 °
Sun
34 °
Mon
35 °
Tue
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds