31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সাহিত্যিক ড০ নগেন শইকীয়াৰ সৈতে এখন্তেক

    সাক্ষাৎকাৰ গ্ৰহণঃ ৰাজশ্ৰী সেনাপতি গগৈ

    প্ৰশ্নঃ ছাৰ, সাহিত্যৰ বৈশিষ্ট্যৰ ওপৰত আপোনাৰ মন্তব্য এটি দাঙি ধৰিবনে?
    উত্তৰঃ সাহিত্যৰ বিভিন্ন ভাগ আছে–কবিতা, আখ্যান বা গল্প, উপন্যাস, নাটক আৰু আনুসংগিক ভাগবিলাকৰ প্ৰতিটো ভাগৰে নিজৰে নিজৰ বৈশিষ্ট্য আছে–ভাৱৰ, চিন্তাৰ, অনুভৱৰ আৰু দৃষ্টিভংগীৰ। তদুপৰি, বিশ্বৰ অজান দেশৰ সাহিত্যৰো নিজা নিজা দৃষ্টিভংগী আৰু ৰীতি আছে। এতেকে বৈশিষ্ট্য বুলি কলে দৃষ্টিভংগী আৰু ৰীতি এই দুটাই প্ৰদান হৈ পৰে।
    প্ৰশ্নঃ ১৯ শতিকাৰ অসমীয়া সাহিত্যৰ ধাৰাৰ যি সোঁত আৰম্ভ হয় সেই সময়ত হেমচন্দ্ৰ বৰুৱাই প্ৰথম অসমীয়া ব্যাকৰণ ৰচনা কৰে আৰু লগতে অভিধান হেমকোষ। এই দুখন ৰচনা কৰি আমাৰ সমাজলৈ আগবঢ়োৱা অৱদান সম্পৰ্কে আপুনি কি বিবেচনা কৰে?


    উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই ঊনবিংশ শতিকাত অসমীয়া ব্যাকৰণ আৰু অভিধান লিখি পদ্মনাথ গোহাঞিবৰুৱা কোৱাৰ দৰে নমাবলগীয়া অসমীয়া নাম ৰাখিলে জিলিকা কৰি।
    প্ৰশ্নঃ সাহিত্য বুৰঞ্জী লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে কি মতামত আগবঢ়াব?
    উত্তৰঃ আমাৰ সাহিত্যৰ বুৰঞ্জীৰ লক্ষ্য হল এটা ভাষাত ৰচিত সাহিত্যৰ বিভিন্ন কালানক্ৰমিক আৰু প্ৰত্যোকটো ধাৰাৰ বিশিষ্ট্যসহ পৰিচয় দাঙি ধৰা।
    প্ৰশ্নঃ আমাৰ সাহিত্যৰ ক্ষেত্ৰখনৰ কোনটো দিশত আপুনি দুৰ্বলতা অনুভৱ কৰে?


    উত্তৰঃ আমাৰ সাহিত্যৰ বৰ্তমানৰ ক্ষেত্ৰখনত শক্তিশালী সমালোচকৰ সংখ্যা বৰ কম। শক্তিশালী সমালোচকে সাহিত্যৰ গুণ-দোষ দেখুৱাই আগবাঢ়ি যোৱাত সহায় কৰে।
    প্ৰশ্নঃ বৰ্তমান সময়ত সামাজিক মাধ্যমত গঢ়ি উঠা সাহিত্য সংস্কৃতিৰ চৰ্চাৰ উদ্দেশ্য গঢ়িউঠা গোটসমূহৰ বিষয়ে আপোনাৰ মতামত কি ?
    উত্তৰঃ সামাজিক মাধ্যমৰ লোগত মোৰ পৰিচয় নাই বুলিবয়ে পাৰি। এতেকে এই বিষয় মই বিশেষ ক’ব নোখোজোঁ।
    প্ৰশ্নঃ পূৰ্বাঞ্চল সমন্বয় মঞ্চ The NER Forum for Unity ৰ মঞ্চখন সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখন চহকী কৰাৰ উদ্দেশ্যে এদিন কেইগৰাকীমান সতীৰ্থৰ সহযোগত প্ৰতিষ্ঠা কৰা হৈছিল। আপোনাৰ পৰা আমাৰ মঞ্চখনলৈ বহুমূলীয়া পৰামৰ্শ বিচাৰিছোঁ।


    উত্তৰঃ যি মাধ্যমতে নহওঁক সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ বৰঙনি আগবঢ়োৱাবলৈ লেখক-লেখিকাসকলে ভাষাটো যিদৰে নিৰ্ভুল কৰি ব্যৱহাৰ কৰিব লাগে, বিষয়বস্তু নিৰ্বাচন প্ৰকাশৰীতিৰ ক্ষেত্ৰতো সেইদৰে অত্যন্ত সাৱধান হ’ব লাগিব।
    প্ৰশ্নঃ বৰ্তমান সময়ত ন-শিকাৰুসকললৈ আপোনাৰ বহুমূলীয়া দিহা পৰামৰ্শ বিচাৰিছোঁ।
    উত্তৰঃ ন-শিকাৰুসকলক মই ক’ব খোজো ভাষাটো নিৰ্ভূলভাৱে লিখিবলৈ শিকা আৰু যি বিষয়ে লিখিব খোজে সেই বিষয়টোৰ ৰূপ আৰু ৰীতি সম্পৰ্কে জানি লোৱা। তেতিয়াহে সফল কাম হোৱাৰ বাট ওলাব।
    মই এই অনুষ্ঠানৰ লগত জড়িত সকলোটিলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds