31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰত পাঠদান আৰম্ভ

    ■ চাবুৱা, ৯ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড়ৰ চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জিলা সমল গোটৰ উদ্যোগত স্থাপন হোৱা প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰত দেওবাৰৰ পৰা পাঠদান আৰম্ভ হৈছে।

    দেওবাৰে অনুষ্ঠিত প্ৰথম পাঠদানত ৩০ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰতিষ্ঠানটোৰ জিলা সমল গোটৰ (DRU) উদ্যোগত বিগত বৰ্ষৰ ডিচেম্বৰ মাহত খাৰজান চাহ বাগিছাৰ অন্তৰ্গত পাটোৱাৰী লাইনত এক শৈক্ষিক সমীক্ষা সম্পাদন কৰা হৈছিল।

    উক্ত সমীক্ষাৰ ফলাফল অনুসৰি প্ৰাপ্তবয়স্ক শিক্ষা লাভৰ বাবে আগ্ৰহীসকলক সামৰি কাঞ্জিখোৱা বাগিছা প্ৰাথমিক বিদ্যালয়ত এক প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰ স্থাপন কৰা হয়।

    দেওবাৰে অনুষ্ঠিত পাঠদানত জিলা সমল গোটৰ প্ৰবক্তা ভূপেন কুমাৰ দাস, স্বৰাজ ফুকন আৰু ৰঞ্জন বৰাই পাঠদান অগবঢ়াই।

    কেন্দ্ৰটোত সৰ্ব্বোচ্চ অষ্টম শ্ৰেণীলৈকে অধ্যয়নৰত কিশোৰ-কিশোৰী সকলকো পাঠদানৰ ব্যবস্থা কৰা হৈছে। প্ৰথম দিনাৰ পাঠদানত কিশোৰ-কিশোৰী সকলক সাধুকথাৰ মাধ্যমেৰে স্বচ্ছতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰে প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থী দিলীপ গগৈ আৰু ৰঞ্জিত ঠাকুৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds