Wednesday, July 30, 2025
33.7 C
Guwahati
TOP NEWS:

পাণ্ডুৰ বিশিষ্ট সমাজকৰ্মী নাৰায়ণ কলিতাৰ মৃত্যু ; মুখ্যমন্ত্ৰীসহ বাবে বিভিন্ন দল – সংগঠনৰ শোক

- Advertisement -

মালিগাঁও● গুৱাহাটীৰ পাণ্ডুৰ বিশিষ্ট সমাজকৰ্মী, ছয়বছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনৰ অগ্ৰণী যোদ্ধা, পাণ্ডু ইনষ্টিটিউট কলনীৰ বাসিন্দা, বিশিষ্ট সমাজকৰ্মী , সৰবৰহী ব্যক্তি, ব্যৱসায়ী নাৰায়ণ কলিতাৰ চিকিৎসাধীন অৱস্থাত আজি পুৱা গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৬ বছৰ। মৃত্যুৰ সময়ত তেওঁ পাণ্ডু লুইতপৰীয়া বিহু সমিতিৰ উপদেষ্টা , পাণ্ডু ৰে’লৱে বজাৰ সমিতিৰ সভাপতি, পাণ্ডুঘাট‌ প্ৰতিমা বিসৰ্জন সমিতিৰ উপদেষ্টা, পাণ্ডু আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, ৰিভাৰচাইদ ষ্পৰ্টিং সংঘৰ উপদেষ্টাৰ উপৰিও বৃহত্তৰ পাণ্ডু সাহিত্য সভা, অগপ দলৰ গুৱাহাটী মহানগৰ সমিতিৰ কাৰ্যনিৰ্বাহক, পাণ্ডু ইনষ্টিটিউট কলনী দুৰ্গা পূজা সমিতিৰ সভাপতিকে ধৰি বৃহত্তৰ পাণ্ডু অঞ্চলৰ বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী , এজন পুত্ৰ, এজনী জীয়ৰী, বোৱাৰী, জোৱাঁই, নাতি – নাতিনীসহ বহুসংখ্যক আত্মীয় – স্বজন এৰি থৈ যায়। আনহাতে নাৰায়ণ কলিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বৃহত্তৰ পাণ্ডু অঞ্চলত শোকৰ ছাঁ পৰে আৰু অসংখ্য গুণমুগ্ধ লোকে বাসভৱনত আহি নশ্বৰ দেহত শেষ শ্ৰদ্ধা তৰ্পণ কৰে। তাৰ পাছত তেঁওৰ মৃতদেহ এখন পুষ্পসজ্জিত বাহনত সমদল কৰি প্ৰথমতে পাণ্ডু ৰিভাৰচাইড স্পৰ্টিং ক্লাৱ , ইনষ্টিটিউট কলনী দুৰ্গা মন্দিৰ, নামঘৰ আদিলৈ নি শেষ শ্ৰদ্ধা তৰ্পণ কৰা হয়।

বিয়লি অসংখ্য গুণমুগ্ধ লোকৰ উপস্থিতিত ভূতনাথ মুক্তিধামত শেষকৃত্য সম্পন্ন কৰা হয়। আনহাতে নাৰায়ণ কলিতাৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক ব্যক্ত কৰি তেঁওৰ মৃত্যু বৃহত্তৰ পাণ্ডুৰ সমাজ জীৱনত এক অপুৰণীয় ক্ষতি বুলি ব্যক্ত কৰি বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। একেদৰে অগপ দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক , বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, বিজেপিৰ জালুকবাৰী মণ্ডল সমিতিৰ সভাপতি কমল দে, পাণ্ডুঘাট বিসৰ্জন কমিটিৰ সভাপতি নিমাই চন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক দ্বিজেন লহকৰ, বৃহত্তৰ পাণ্ডু সাহিত্য সভাৰ উপদেষ্টা মুকুট দাস, সভাপতি সুভাষ দাস আৰু সম্পাদক চন্দন মৰলকে ধৰি বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে নাৰায়ণ কলিতাৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। উল্লেখ্য যে ১৯৮৫ চনত অগপ দল গঠন হোৱাৰ সময়ৰে পৰা নাৰায়ণ কলিতাৰ লগতে তেঁওৰ প্ৰয়াত পিতৃ বন্ধুৰাম কলিতাও অগপ দলৰ লগত মৃত্যু পৰ্যন্ত জড়িত হৈ আছিল।

Hot this week

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Poor family availing PMJAY benefits in SSB Composite Hospital...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
clear sky
32.7 ° C
32.7 °
32.7 °
66 %
1.1kmh
2 %
Wed
33 °
Thu
33 °
Fri
33 °
Sat
34 °
Sun
31 °