Wednesday, July 30, 2025
27.5 C
Guwahati
TOP NEWS:

ধকুৱাত এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত স্বচ্ছতা সম্পৰ্কে সজাগতা সভা

- Advertisement -

♦ ছানিদুল শিকদাৰ, বৰপেটা: অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ তত্বাৱধানত, ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত, এন জি চি অসমৰ বৰপেটা জিলাৰ ন’ডেল এজেন্সী

এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত আৰু ঢকুৱা হাইমাদ্ৰাছা ইকো-ক্লাৱৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে বৰপেটা জিলাৰ ধকুৱাত স্বচ্ছতা একছন প্লেন ৰূপায়ন কৰা হয়। তদুপলক্ষে ৰাতিপুৱা ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা ৰাজহুৱা স্থান, বজাৰ ছাফাই অভিযানৰ অন্তত বৃক্ষৰোপন কৰি ৰাইজক সজাগতাৰ উদ্দেশ্যে হাতে হাতে বিভিন্ন পৰিৱেশ সংৰক্ষণৰ শ্লোগান সম্বলিত প্লেকাৰ্ড লৈ বিৰাট সমদল উলিয়ায়।

ইয়াৰ পিছত দিনৰ ২ বজাত ধকুৱা হাইমাদ্ৰাছা প্ৰাংগনত প্ৰধান শিক্ষয়িত্ৰী ছামছুন নেহাৰৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় ক্ৰমে এছিয়ানৰ পৰিচালন সঞ্চালক ডাঃ এ কে শিকদাৰ, বিজ্ঞান শিক্ষয়িত্ৰী দৰ্শনা গগৈৰ লগতে কেইবা গৰাকী গন্য-মান্য ব্যক্তিয়ে। উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানতেই ছাত্ৰ ছাত্ৰী সকলৰ মাজত স্বচ্ছতাৰ ওপৰত আকস্মিক বক্তৃতা, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কাৰ বিতৰণ কৰা হয়।

সভাৰ শেষত সকলোলৈ শলাগৰ শৰাই আহবঢ়ায় এছিয়ানৰ সমন্বয়ক এডভোকেট মেহবুব শ্বহীদে। আজিৰ এই কাৰ্য্যসূচীত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, স্হানীয় ৰাইজৰ লগতে তিনিশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি শোভা বৰ্ধন কৰে।

Hot this week

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Poor family availing PMJAY benefits in SSB Composite Hospital...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
clear sky
27.4 ° C
27.4 °
27.4 °
84 %
0.8kmh
6 %
Wed
27 °
Thu
34 °
Fri
33 °
Sat
33 °
Sun
30 °