31.3 C
Guwahati
Friday, September 19, 2025
More

    শেহতীয়া আপডেটঃ

    ট্ৰেণ্ডিং গীতত অদ্ভুত ভঙ্গীত শিল্পা চেট্টীৰ নৃত্যঃ ভিডিঅ’ ভাইৰেল সামাজিক মাধ্যমত

    অভিনেত্ৰীগৰাকীয়ে গানটোত নিজৰ ষ্টাইলত নাচিছে আৰু লাখ লাখ ইতিমধ্যেই "ইন দে গেটো" গানটোত ভিডিঅ' নিৰ্মাণ কৰিছে।

    ■ এতিয়া ডিজিটেল মাধ্যমৰ যোগ। আপুনি চিনাকি-অচিনাকি যিকোনো লোকৰ বাবে হঠাৎ অধিক পৰিচিত হৈ পৰিব পাৰে কেৱল কেইটামান মুহূৰ্তৰ ভিতৰতে। নিজৰ প্ৰতিভাক পৰিচিত কৰিবলৈ সকলোৱে সামাজিক মাধ্যমক বিশ্বাস কৰে। সকলো উপলব্ধ এতিয়া সামাজিক মাধ্যমত। ছ’চিয়েল মিডিয়াই কেৱল দেশৰ বা সমাজৰ সকলো আপডেট পোৱাই নহয়, ছ’চিয়েল মিডিয়া দ্বাৰা নিজ প্ৰতিভা প্ৰকাশ কৰাৰ একমাত্ৰ উপায় বা সম্বল হৈ পৰিছে। য’ত আপুনি আপোনাৰ সকলো প্ৰতিভা সম্পূৰ্ণৰূপে দ্বিধাবোধ নকৰাকৈ প্ৰকাশ কৰিব পাৰে। য’ত নৃত্য, গান সকলো প্ৰকাশ কৰিব পাৰি। বিশেষকৈ এতিয়া ছ’চিয়েল মিডিয়াৰ বহু ব্যৱহাৰকাৰীয়ে প্ৰতিটো ভিডিঅ’ এপৰ জৰিয়তে বিভিন্ন ট্ৰেণ্ডিং গানত নৃত্য কৰি ভাইৰেল হৈ পৰা দেখা যায়।

    আনকি যিসকল জনপ্ৰিয় নহয় তেওঁলোকেও ভিডিঅ’ৰ জৰিয়তে জনপ্ৰিয় হ’বলৈ বেছি সময় নলয়। তেওঁ কেৱল নিজেই ভাইৰেল কৰিব লাগিব। কিন্তু চেলিব্ৰিটি অভিনেত্ৰীসকল এতিয়া এই যাত্ৰাত বেছি পিছ পৰা নাই। অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰাই অলপতে এটা বিখ্যাত ট্ৰেণ্ডিং গানত নৃত্য কৰিছিল। শিল্পাই ইনষ্টাগ্ৰামত পোষ্ট কৰা ভিডিঅ’টো চাওঁক 💃

    ৰঙা পশ্চিমীয়া পোছাক পিন্ধি আৰু চুলি বান্ধি, অপেন মেক-আপ আৰু ভৰিত ওখ গোৰোহাৰ জোতা পিন্ধি লৈ এই ট্ৰেণ্ডিং গানটোত সুন্দৰকৈ নাচিছিল।

    আৰু অভিনেত্ৰীগৰাকীয়ে গানটোত নিজৰ ষ্টাইলত নাচিছে আৰু লাখ লাখ ইতিমধ্যেই “ইন দে গেটো” গানটোত ভিডিঅ’ নিৰ্মাণ কৰিছে। অনুৰাগীসকলে নায়িকাৰ অভিনয়ত যথেষ্ট আমোদ পাইছে। কাৰণ তেওঁ এটা ধেমেলীয়া ভঙ্গীৰে নৃত্য পৰিৱেশন কৰিছে।

    অৱশ্যে, কেইমাহমান আগতে এইগৰাকী নায়িকাৰ জীৱনৰ মাজেৰে এটা ডাঙৰ ধুমুহা পাৰ হৈ গৈছে। কাৰণ অভিনেত্ৰীগৰাকীৰ স্বামী ৰাজ কুন্দ্ৰাক ১৯ জুলাইত পৰ্ণগ্ৰাফীত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ দীৰ্ঘদিন ধৰি মুম্বাই আৰক্ষীৰ জিম্মাত আছিল। কিন্তু এতিয়া ৰাজ জামিনত মুক্তি লাভ কৰিছে। এতিয়া এইগৰাকী অভিনেত্ৰী যেন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।

    Source:Humppy

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.