২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৰে’ল মন্ত্ৰালয়ৰ আৱণ্টনৰ পৰিমাণ বিগত বিত্তীয় বৰ্ষৰ বাজেটতকৈ ৪৭ শতাংশ বৃদ্ধি কৰা হৈছে। ২০২৪-২৫ বৰ্ষত অঞ্চলটোৰ বাবে মুঠ ৪,৬০০ কোটি টকা ৰে’ল বিভাগলৈ আৱণ্টন কৰাৰ বিপৰীতে পৰৱৰ্তী বিত্তীয় বৰ্ষত এই ধনৰ পৰিমাণ ৫,৯১৫ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি বিয়লি নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ যোগে গুৱাহাটীৰ মালিগাঁৱৰ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত উপস্থিত সাংবাদিকসকলৰ আগত এইদৰে প্ৰকাশ কৰে।মন্ত্ৰী বৈষ্ণৱে কয় যে ২০২৫-২৬ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰে’লযাত্ৰীসকলৰ সুবিধাৰ্থে যোৱা জানুৱাৰী মাহৰ পৰা অসমত ৩ খন নতুন ৰে’লৰ প্ৰৱৰ্তন কৰাৰ বিষয়েও উল্লেখ কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত ৰে’লপথত থকা লেভেল ক্ৰচিং, আণ্ডাৰ পাছ অর্থাৎ মাটিৰ তলত সুৰংগ নিৰ্মাণ আৰু ৰে’ল ষ্টেচনসমূহৰ উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ’ব। ২০১৪-১৫ বৰ্ষৰ তুলনাত ২০২৫-২৬ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল শিতানত আৱণ্টিত ধনৰ পৰিমাণ ৫ গুণ বৃদ্ধি পাইছে বুলি ৰে’ল মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg