Wednesday, July 30, 2025
33.3 C
Guwahati
TOP NEWS:

আনন্দ নিকেতন ট্ৰাষ্ট কালিপুৰৰ স্বৰ্ণজয়ন্তী বৰ্ষ

- Advertisement -

গুৱাহাটীঃ গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ পাদদেশত মহাবাহু ব্ৰহ্মপুত্ৰৰ কাষতে লাগি থকা ঐতিহ্যমণ্ডিত আনন্দ নিকেতন ট্ৰাষ্ট কালিপুৰে এই বছৰ স্বৰ্ণজয়ন্তী বৰ্ষত প্ৰৱেশ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণত থকা বিদ‍্যা ভাৰতীৰ অখিল ভাৰতীয় অধ‍্যক্ষ ডি ৰামকৃষ্ণ ৰাওৱে আজি এই আশ্ৰমত পদাৰ্পণ কৰি ইয়াৰ শান্ত-শৌম্য আৰু আধ্যত্মিক পৰিৱেশ অনুভৱ কৰি অভিভূত হৈ পৰে।

তেখেতে আশ্ৰমৰ তত্বাৱধানত পৰিচালিত নীলাচল বেদ বিদ‍্যাপীঠৰ ছাত্ৰসকলৰ লগত এক শৈক্ষিক আলাপত মিলিত হয়। উক্ত আলপত তেখেতে ছাত্ৰসকলক উদ্দেশ্য কৰি বিভিন্ন প্ৰেৰণাদায়ক বিষয়ৰ লগতে বহুতো শিক্ষামূলক কথা আলোচনা কৰাৰ লগতে তেওঁলোকক বিভিন্ন সংস্কৃত শ্লোক আওঁৰাব দিয়ে আৰু ছাত্ৰসকলে ধুনীয়াকৈ সংস্কৃত শ্লোকসমূহ মুখস্থ গাই শুনায়।

বিদ‍্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড০ পৱন তিৱাৰীয়ে আনন্দ নিকেতন ট্ৰাষ্টৰ সোণালী জয়ন্তী বৰ্ষৰ বিষয়ে আগন্তুক কাৰ্যসূচীসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰে আৰু ট্ৰাষ্টৰ ফালৰ পৰা যিবিলাক সামাজিক উন্নয়নৰ কাৰ্য সম্পাদিত হৈ আছে তাৰ বাবে ট্ৰাষ্টৰ সকলো সদস্যক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীসমূহত সকলোৰো সহায় সহযোগিতা কামনা কৰে। এই উপলক্ষ্যে অসম প্ৰকাশন ভাৰতীৰ সভাপতি ড০ বিবেকানন্দ শৰ্মা, নীলাচল বেদ বিদ‍্যাপীঠৰ অধ‍্যক্ষ নবীন অধিকাৰীৰ লগতে আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰকল্প প্ৰমুখ মনোজ কলিতাৰ লগতে ট্ৰাষ্টৰ কেইবাগৰাকী সদস্য আৰু শুভাকংক্ষী উপস্থিত থাকে।

Hot this week

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Poor family availing PMJAY benefits in SSB Composite Hospital...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Topics

Poor family availing PMJAY benefits in SSB Composite Hospital...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Related Articles

Popular Categories

Assam
clear sky
32.7 ° C
32.7 °
32.7 °
66 %
1.1kmh
2 %
Wed
33 °
Thu
33 °
Fri
33 °
Sat
34 °
Sun
31 °