31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    অসম কৃষি বিপণন পৰিষদৰ দায়িত্বহীনতাঃ কৃষ্ণাইৰ পণ্যাগাৰতে পচিল শ শ কুইণ্টল ধান

     

    ♦অসম কৃষি বিপণন পৰিষদৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে কৃষকৰ পৰা ক্ৰয় কৰা শ শ কুইণ্টল ধান কৃষ্ণাইৰ পণ্যাগাৰতে পচিছে৷ উল্লেখ্য যে গোৱালপাৰা জিলাৰ কৃষ্ণাই সাপ্তাহিক বজাৰত অৱস্থিত কৃষ্ণাই গ্ৰামীন পণ্যাগাৰত অসম কৃষি বিপণন পৰিষদে কৃষকৰ পৰা ক্ৰয় কৰা বহু হেজাৰ কুইণ্টল ধান মজুত কৰি ৰাখিছে৷ বিগত প্ৰায় চাৰি বছৰ ধৰি পণ্যাগাৰটোত ধান মজুত কৰি ৰখা হৈছে যদিও সময়ে সময়ে এই ধান খিনি তদাৰক নকৰাৰ ফলত শ শ কুইণ্টল ধান পচি গৈছে৷ আনকি অসুৰক্ষিত পণ্যাগাৰটোত ধান মজুত ৰখাৰ ফলত পণ্যাগাৰটোৰ ভিতৰতে ধানে গজালি মেলি কঠীয়াত পৰিণত হৈছে৷ জানিব পৰি মতে পণ্যাগাৰটোত প্ৰায় ২,৭০০ কুইণ্টল ধান মজুত আছিল৷ ইফালে সংৰক্ষিত ধান খিনি পচিবলৈ ধৰাৰ উমান পাই সোমবাৰে দুপৰীয়া অসম কৃষি বিপণন পৰিষদৰ বিষয়াবৰ্গই অতি গোপনে ২৫ জন মান শ্ৰমিক লগাই একেবাৰে গজালি ওলাই নষ্ট হোৱা ধানখিনি আঁতৰ কৰে৷ ইয়াৰ বিপৰীতে মজুত কৰি ৰখা প্ৰায় খিনি পচন আৰম্ভ হোৱা ধানকে পুণঃ নতুন বস্তাত ভৰাই থোৱাৰ দৰে ঘটনাও সংঘটিত হয় পণ্যাগাৰটোত! এই ক্ষেত্ৰত বিষয়টোৰ উচিত তদন্ত দাবী কৰিছে সচেতন মহলে৷

     

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds