Wednesday, June 4, 2025
28 C
Guwahati
TOP NEWS:

অসম-অৰুণাচল সীমা সমস্যা সম্পৰ্কত চিপিআই(এম-এল)ৰ সংবাদ মেল

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

অসম-অৰুণাচল সীমা সমস্যা সম্পৰ্কত চিপিআই(এম-এল)ৰ সংবাদ মেল

বিশ্বনাথ  ১৬ অক্টোবৰ:- বিশ্বনাথ জিলাৰ গহপুৰ আৰু বিহালী সমষ্টিৰ অন্তৰ্গত বিহালী আৰু চেঙেলীজান সংৰক্ষিত বনাঞ্চল দুখন অৰুণাচলৰ অবৈধ বেদখল আৰু সীমাৰ বহু পুৰণি আৰু জলন্ত সমস্যা সম্পৰ্কে আজি বিহালী সমষ্টিৰ কুহিয়াৰবাৰী চিপিআই(এম-এল) মুখ্য কাৰ্যালয়ত চিপিআই(এম-এল) বিশ্বনাথ জিলা সমিতিয়ে এখনি সংবাদ মেলৰ আয়োজন কৰে। চি পি আই এম এলৰ নেতা বিবেক দাসে সম্বোধন কৰা সংবাদ মেল খনত উল্লেখ কৰে যে বিশ্বনাথ জিলাৰ বিহালী আৰু চেঙেলীজান সংৰক্ষিত বনাঞ্চলৰ অসমৰ কেইবাশ হেক্টৰ মাটি ইতিমধ্যে অৰুনাচলী লোকে অবৈধ ভাবে বেদখল কৰি প্ৰকৃত সীমাৰ পৰা প্ৰায় তিনি কিলোমিটাৰ অসমৰ সীমাৰ ভিতৰলৈ সোমাই আহিছে। এনে বেদখলৰ ধাৰাবাহিকতা ৰোধ কৰি অসমৰ মাটি আৰু বনাঞ্চল সুৰক্ষাৰ উদ্দেশ্যেৰে অসমৰ ভুমিপুত্ৰ কৃষক সকলে বিহালী সংৰক্ষিত বনাঞ্চলৰ চাউলধোৱাত মানৱ বেৰ নিৰ্মাণ কৰি অৱস্থান গ্ৰহণ কৰিছিল আৰু উক্ত স্থানত অৰুনাচলী লোকৰ আগ্ৰাসন ৰোধ কৰিবলৈ সক্ষম হৈছিল। তদানিন্তন চৰকাৰৰ সোপাঢিলা নীতি আৰু পলায়নবাদী মনোভাৱৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি অৰুনাচলী বন্দুকধাৰী ঘাতকৰ দলে ২০১৪ চনৰ ২৯ জানুৱাৰী তাৰিখে নিৰ্বিচাৰ গুলিচালনা কৰি ১৫ জন নিৰিহ অসমীয়াক হত্যা কৰাৰ লগতে কেইবাগৰাকী লোকক ঘুনীয়া কৰে। ইয়াৰ প্ৰতিবাদত সমগ্ৰ অসম জুৰি ব্যাপক গন-আন্দোলন আৰম্ভ হয়। যাৰ ফলত তদানীন্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈ চৰকাৰে তদন্তৰ ভাৰ দেশৰ সৰ্ব্বোচ্চ অনুসন্ধানকাৰী সংস্থা চিবিআইক দিয়াৰ লগতে সীমান্ত অঞ্চলত ৫ টা বিঅ’পি কেম্প নিৰ্মানৰ প্ৰতিশ্ৰুতি দিয়ে আৰু সেইমতে গগৈ চৰকাৰৰ দিনতেই ৩ টা বিঅ’পি কেম্প নিৰ্মাণ হ’ল। কিন্তু দুৰ্ভাগ্যজনক কথা যে, কংগ্ৰেছ আৰু পৰৱৰ্তী বিজেপি চৰকাৰৰ চাৰে ছয় বছৰীয়া কাৰ্যকালত বাকী থকা ২ টা কেম্প আজিলৈকে নিৰ্মাণ নহ’ল । তাতোকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল ১৫ জন অসমীয়া লোকৰ তেজেৰে ৰাঙলী হোৱা চাউলধোৱাত এই চাৰে ছয় বছৰীয়া কাৰ্যকালতে অৰুণাচলীয়ে আগ্ৰাসন অব্যাহত ৰাখি নিজৰ দখললৈ নিয়াৰ উপক্ৰম হৈছে।বৰ্তমান অসম চৰকাৰে অসমৰ লগত থকা অন্য ৰাজ্যৰ সীমা সমস্যাৰ সমাধানৰ বাবে প্ৰচেষ্টা হাতত লৈছে। কিন্তু আচৰিত কথা যে, বিশ্বনাথ জিলাত সীমা সমস্যা সমাধানৰ বাবে চৰকাৰে গঠন কৰা সীমা নিৰ্ধাৰণ কমিটিত স্থানীয় বিধায়ক, বিৰোধী দল, সংগঠন, সীমান্তবৰ্ত্তী অঞ্চলৰ জেষ্ঠ নাগৰিক, স্থানীয় বন বিভাগৰ বিষয়া, সীমা সমস্যা সমাধানৰ দাবীত কেইবা বছৰ ধৰি আন্দোলন কৰি অহা দল-সংগঠনৰ নেতা-কৰ্মী আদি কোনো লোককেই অন্তৰ্ভুক্ত কৰা নাই হোৱা বুলি উল্লেখ কৰে চি পি আই এম এল নেতা বিবেক দাসে।দাসে লগতে কয় অসম চৰকাৰৰ সদিচ্ছাৰ প্ৰতি ৰাইজৰ সন্দেহ উপজাটো স্বাভাৱিক হৈ পৰিছে বৰ্তমান চৰকাৰৰ খন ওপৰত।কাৰণ এই সীমা সমস্যা প্ৰতিনিধি সমূহত চৰকাৰী পক্ষ মানুহ লৈছে যাৰ ফলত কোনো দল সংগঠনৰ লোকক সীমা সমস্যা কমিটিত অন্তৰ্ভুক্ত কৰা নাই। যাৰ ফলত বিজেপি চৰকাৰৰ খনে অৰুণাচলী হাতত অসমৰ ভূমি চমজাই দিয়া এক পৰিকল্পনা কৰা বুলি প্ৰকাশ কৰে । লগতে দাসে কয় অসম চৰকাৰৰ মন্ত্ৰী- বিধায়ক, জিলা প্ৰশাসনৰ বিষয়া আদি সকলোৰে মূখত “এৰা-ধৰা” শব্দ সঘনাই উচ্চাৰিত হোৱা, অসমৰ মন্ত্ৰী-বিধায়ক তথা বিষয়া সকল “সীমা পৰিদৰ্শন” ৰ নামত আহি অৰুনাচলী লোকে নিজৰ ইচ্ছা মতে বনাই লোৱা সীমা পৰিদৰ্শন কৰি উভতি যোৱা, অসমৰ সীমান্তবৰ্তী ৰাইজৰ লগত কোনো ধৰনৰ বিশ্বাসযোগ্য আলোচনা নকৰি অৰুনাচলী সাধাৰণ লোক আৰু প্ৰশাসনৰ লগত কেইবা ঘন্টা ধৰি আলোচনা কৰা আদি কাৰ্যৰ বাবে সংগঠন সমূহে আশংকা কৰিবলৈ বাধ্য হোৱা বুলি উল্লেখ কৰি, সমাধানৰ নামত অসমৰ মাটি অৰুণাচলৰ হাতত সমৰ্পন হব নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে। ইফালে চৰকাৰে অসমৰ ভুমি অৰুণাচলৰ লোকক দিয়া যি পৰিকল্পনা বিজেপি চৰকাৰে কৰিছে তাৰ বিৰুদ্ধে বিহালী বিভিন্ন দল সংগঠনৰ লগতে অসম বাসীক বিৰোধীতা কৰিবলৈ আহ্বান জনাই সংবাদ মেলৰ জৰিয়তে চি পি আই এম এল নেতা বিবেক দাসে।

- Advertisement -

Hot this week

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো...

মুখ্যমন্ত্রীৰ সৈতে টেলিফোনিক বাৰ্তালাপত প্রধানমন্ত্ৰীঃ বুজ ললে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি ?

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা...

Topics

মুখ্যমন্ত্রীৰ সৈতে টেলিফোনিক বাৰ্তালাপত প্রধানমন্ত্ৰীঃ বুজ ললে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি ?

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা...

শক্তিপীঠ মা-কামাখ্যা ধামত ২২ জুনৰ পৰা অম্বুবাচী মেলা

নিলাচল পাহাৰস্থিত শক্তিপীঠ মা-কামাখ্যা ধামত অহা ২২ জুনৰ পৰা...

ৰাজ্যত বানৰ প্ৰকোপ আৰম্ভ: ডিব্ৰুগড়ত সন্ধানহীন ৪ জন লোক

■ ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন...

Related Articles

Popular Categories

Assam
overcast clouds
26.7 ° C
26.7 °
26.7 °
79 %
1.3kmh
100 %
Wed
29 °
Thu
31 °
Fri
34 °
Sat
34 °
Sun
34 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds