31.3 C
Guwahati
Friday, September 19, 2025
More

    শেহতীয়া আপডেটঃ

    বিহালী খণ্ড উন্নয়ন বিষয়া হিচাপে যোগদান ৰাহুল প্ৰসেনজিৎ গগৈ

    বিহালী খণ্ড উন্নয়ন বিষয়া হিচাপে যোগদান ৰাহুল প্ৰসেনজিৎ গগৈ :

    বিহালী ২৮ জানুৱাৰী :

     বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টিৰ বিহালী উন্নয়ন খণ্ড কাৰ্যালয়ত
    ACS বিষয়া ৰাহুল প্ৰসেনজিৎ গগৈ খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ।

    উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বিহালী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত এজন স্থায়ী বিষয়া নাছিল যাৰ বাবে উন্নয়নত বাধা সৃষ্টি হৈছিল।
    ইফালে যোৱা ১৪ ডিচেম্বৰ তাৰিখে যোগদান কৰা ACS বিষয়া গৰাকীয়ে যোগদান কৰিয়েই উন্নয়ন খণ্ডটো বহু অঞ্চলত পৰিদৰ্শন কৰি বিভিন্ন উন্নয়ন মূলক আচঁনি হাতত লোৱা পৰিলক্ষিত হৈছে।
    ইফালে শুক্ৰবাৰে খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে বিহালী সমষ্টিৰ বটিয়ামাৰী গাওঁ পঞ্চায়ত অন্তৰ্গত কাছকটা ঘাটৰ লগতে দক্ষিণ ৰাংছালী গাওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ দাতিকাষৰীয়া অঞ্চলত পৰিদৰ্শন কৰে।

    পৰিদৰ্শন কৰি অঞ্চলটো কিদৰে উন্নয়ন কৰিব পাৰি তাৰ কিছু আলোচনা কৰে স্থানীয় সচেতন যুৱক সকলৰ সৈতে।

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.