31.3 C
Guwahati
Friday, September 19, 2025
More

    শেহতীয়া আপডেটঃ

    বিশেষ সংৰক্ষিত বাহিনী ASRF বৰজাৰ নলবাৰী উদ্যোগত :ASRF DAY

    ASRF day সুৰাদী হাই স্কুলত শ্ৰমদান কাৰ্যসূচী প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনী ASRF বৰজাৰ নলবাৰী উদ্যোগত :

    ৫৯ তম নিখিল ভাৰত অসামৰিক প্ৰতিৰক্ষা ও গৃহৰক্ষী দিৱসৰ আগ মহূৰ্তত আজি নলবাৰী জিলাৰ বৰজাৰ স্হিত প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনীৰ উদ্যোগত সুৰাদী হাই স্কুলৰ প্ৰাংগনত চাফাই অভিয়ান তথা শ্ৰমদান কাৰ্যসুচী ৰূপায়ন কৰে।

    অহা ৬ ডিচেম্বৰত পালন কৰিব ৫৯ তম নিখিল ভাৰত অসামৰিক প্ৰতিৰক্ষা ও গৃহৰক্ষী দিৱস।

    সেই উদ্দেশ্য আগত ৰাখি আজি ৪ ডিচেম্বৰ তাৰিখে বাহিনীটোৱে বিভিন্ন কাৰ্যসূচী হাতত লয়।

    আজি প্ৰথম দিনটোত সুৰাদী হাই স্কুলৰ পৰা আৰম্ভ কৰে শ্ৰমদান কাৰ্যসূচীৰে।

    ৰাতিপুৱা ৮ বজাৰ পৰা ১০ বজালৈ সুৰাদী হাই স্কুল প্ৰাংগন স্বচ্ছ কৰাৰ প্ৰচেষ্টাৰে শ্ৰমদান কাৰ্যসুচী অহা কালি ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা কুইজ প্ৰতিযোগীতা আৰু ৬ ডিচেম্বৰ দিনা দিৱসৰ লগত সংগতি ৰাখি কাৰ্যসূচী শেষ কৰিব।

    আজি উক্ত অনুষ্ঠানটোত উপস্হিত থাকে (ASRF) বাহিনীৰ R.I ৰবি শংকৰ ডেকা S.M হাজিন ৰাভা QM.I প্ৰমোড ডেকা,গাণনিক বিষয়া গণেশ ডেকাকে আদি কৰি বাহিনীটোৰ বিষয়বৱীয়াকে ধৰি জোৱান সকল উপস্হিৰ থাকে।

    উক্ত অনুষ্ঠানত সুৰাদী হাই স্কুলৰ অধীক্ষকে ধৰি শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী সকলৰ লগতে পূৱ নাম্বৰভাগ আঞ্চলিক গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ বিষয়বৱীয়া সদস্য সকলে সহায় সহযোগ কৰাৰ লগতে বাহিনীটোৰ বিষয়বৱীয়া সকলোক সম্বৰ্ধনা জনায়।

    নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.