শেহতীয়া আপডেটঃ

বিগত ৯ বছৰে বিকল গুৰিয়া পানী যোগান আঁচনিঃ কাৰ্যক্ষম কৰি তোলাৰ দাবী স্থানীয় জনতাৰ

■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ: কেতিয়া কাৰ্যক্ষম হৈ উঠিব গুৰিয়া পানী যোগান আঁচনি ৷ বিগত ৯ বছৰে এই প্ৰশ্নটোকে পাগুলি থাকি একপ্ৰকাৰ ভাগৰি পৰিছে গুৰিয়া অঞ্চলৰ ৰাইজ ৷ উল্লেখ্য যে, গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া গুৰিয়াত বিগত ২০১২ চনতে জনস্বাস্থ্য কাৰিকৰী বিভাগ,গোৱালপাৰা সংমণ্ডলে স্থাপন কৰিছিল গুৰিয়া পানীযোগান আঁচনি ৷

উদ্দেশ্য আছিল গুৰিয়া , ৰামপুৰ আৰু ভেল্টাৰঘাট অঞ্চলৰ জনসাধাৰণক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা ৷ পিছে স্থাপন হোৱাৰ বিগত ৯টা বছৰত ৯মাহে ভালকৈ পানী যোগান নাপালে অঞ্চলটোৰ প্ৰায় ডেৰ শতাধিক পৰিয়ালে ৷ দুদিন পানী যোগান ধৰি চাৰিদিন বিকল হৈ থকা আঁচনি খনত কৰ্মৰত কৰ্মচাৰী সকলৰো গা এৰা দিয়া মনোভাৱ ৷

যাৰ পৰিপ্ৰেক্ষিতত আঁচনি খনক লৈ অতিষ্ঠ হৈ পৰিছে অঞ্চলবাসী ৷ ক্ষোভিত ৰাইজে নতুন চৰকাৰ খনক এই ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুণৰাই আহ্বান জনাইছে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.