31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বটিয়ামাৰী গাওঁ পঞ্চায়ত আৰু নিজ বিহালী গাওঁ পঞ্চায়ত বিশেষ গাওঁ সভা

    বটিয়ামাৰী গাওঁ পঞ্চায়ত আৰু নিজ বিহালী গাওঁ পঞ্চায়ত বিশেষ গাওঁ সভা

    বিশ্বনাথ ৪ জানুৱাৰী :

    মঙ্গলবাৰে নিজ বিহালী গাঁও পঞ্চায়তৰ অন্তৰ্গত দলনি গাঁৱৰ হৰি মন্দিৰৰ প্ৰাংগণত মঙলবাৰে দিনৰ ১১ বজাত এখনি বিশেষ গাঁও সভা অনুষ্ঠিত হয় ।


    নিজ বিহালী গাঁও পঞ্চায়তৰ সভাপতি প্ৰেমকান্ত ছেত্ৰী সভাপতিত্ব অনুষ্ঠিত হোৱা সভা খনত উপস্থিত থাকে অঞ্চলটো বিশিষ্ট সমাজ সেৱক প্ৰবোধ বৰুৱা । বৰুৱাই গাওঁ খনৰ অতিতৰ চেঙেলীজান গাঁও বৰ্তমানৰ দলনি গাঁও হয় বুলি মত পোষন কৰি যি চৰকাৰে গাওঁ খন উন্নয়ন বাবে পদক্ষেপ লৈছে তাক আদৰণি জনাইছোঁ বুলি প্ৰকাশ কৰে।
    এই বিশেষ গাওঁ সভাত বিহালী কৃষি বিভাগৰ গ্ৰাম সেৱক বাণেশ্বৰ চুমুৱা উপস্থিত থাকি কৃষি বিভাগৰ বিভিন্ন চৰকাৰী আচঁনি বিষয়ে মন্তব্য ৰাখে। সভাত অংশগ্ৰহণ কৰা বৰগাংৰ বন
    বিভাগৰ বিষয়াই বিভিন্ন ধৰণৰ আঁচনিৰ সুবিধা ৰাইজে গ্ৰহণ কৰি তাক সফল হোৱাত সহায় কৰিবলৈ আহ্বান জনাই।
    এই সভাতে উপস্থিত থাকে বিশ্বনাথ মহকুমাৰ বিদ্যুৎ বিভাগৰ বিষয়া সুপৃয়া চাংমাই, অৱসৰ প্ৰাপ্ত বিশিষ্ট শিক্ষক অৰুণ চাহু, ৰাজেন হাজেৰিকা দেৱ, নিজ বিহালী গাঁও পঞ্চায়তৰ সচিব গোপাল লামা ,আঞ্চলিক পঞ্চায়তৰ সদস্যা অনিমা হাজৰিকা ‘ৱাৰ্ড সদস্য- সদস্যা,নিজ বিহালী গাঁও পঞ্চায়তৰ অন্তৰ্গত স্থানীয় ৰাইজ।

    ইফালে একেটা দিনতে বটিয়ামাৰী গাওঁ পঞ্চায়তৰ বিশেষ গাওঁ সভা খন অনুষ্ঠিত হয় বটিয়ামাৰী গাওঁৰ বিষ্ণু জ্যোতি যুৱক সংঘৰ ৰংঘ মঞ্চৰ প্ৰাংগণত। বটিয়ামাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী ফুলমণি দাসৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভা খন আতঁ ধৰে সচীব নিপম কিষাণে। সভাত প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনৰ আচঁনি গ্ৰহণ ও পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰা হয়। সভাত উপস্থিত থাকে নিজ বিহালী জিলা পৰিষদৰ সদস্যা দিপালী ঢাকাল দেৱীকে ধৰি বহু কেইজন পঞ্চায়ত প্ৰতিনিধি ও অঞ্চলটো ৰাইজ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds