31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে

    পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে

    সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰে।


    পশ্চিম নলবাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ আন এখন শিক্ষানুষ্ঠান শ্বহীদ স্মৃতি মহাবিদ্যালয় বেলশ্বৰ।আই মাতৃৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ সকলৰ পৱিত্ৰ সোঁৱৰণত এই শিক্ষানুষ্ঠানখন ১৯৮৭ চনত পশ্চিম নলবাৰী অঞ্চলৰ কিছুসংখ্যক বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত বেলশৰৰ বুকুত প্ৰাণ পাই উঠিছিল।

    কিন্তু দুখৰ বিষয় মহাবিদ্যালয় খনত বৰ্তমানলৈকে উচ্চতৰ মাধ্যমিক আৰু স্নাতক শাখাত কেৱল মাত্ৰ কলা শাখাতো অন্তৰ্ভুক্ত হৈ আছে।

    এতিয়ালৈকে বিজ্ঞান আৰু বাণিজ্য শাখাতো অন্তৰ্ভুক্ত কৰা হোৱা নাই।যাৰ ফলত এই বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলে শিক্ষাৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হৱ লগা হৈছে।

    মহাবিদ্যালয় খনৰ আন্তঃগাথঁনি উন্নয়ন আৰু শৈক্ষিক দিশটো উন্নয়ন কৰা কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

    পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰাণজিৎ ঠাকুৰীয়া, মুখ্য সাংগঠনিক সম্পাদক চাহিদুল আলম , সাংগঠনিক সম্পাদিকা দিপামণি সেন ডেকা , কাৰ্যনিৰ্বাহক চিন্টু আহমেদ,শ্বহীদ স্মৃতি মহাবিদ্যালয় আছু গোটৰ সভাপতি ৰাহুল ঠাকুৰীয়া, সাধাৰণ সম্পাদক চাইদুৰ ৰহমান আৰু আন আন বিষয় ববীয়া সকল উপস্থিত থাকে।

    নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds