31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    পথ দুৰ্ঘটনাত নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপক কন্দৰ্প কলিতাৰ শোকাবহ মৃত্যু

    পথ দুৰ্ঘটনাত নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপক কন্দৰ্প কলিতাৰ শোকাবহ মৃত্যু

    এক হৃদয়বিদাৰক ঘটনা৷ নলবাৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক কন্দৰ্প কলিতাৰ পথ দুৰ্ঘটনাত মৃত্যু হয়৷

    কালি নিশা ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ঘগ্ৰাপাৰৰ ওচৰত ট্ৰাকেৰে হোৱা মুখামুখি সংঘৰ্ষত অধ্যাপক কলিতাৰ থিতাতে মৃত্যু হয়৷জানিব পৰা মতে ৰঙিয়াৰ স্বস্তি হস্পিতালত কোনো আত্মীয়ৰ অসুখৰ খবৰ লৈ নিশা প্ৰায় এঘাৰ মান বজাত নলবাৰী চহৰৰ পাৰ্শৱৰ্তী জাপাৰকুছি মইনপুৰৰ ঘৰলৈ অকলে বাইকেৰে আহি থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয়৷ ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষত অধ্যাপক কলিতাৰ থিতাতে মৃত্যু হয়৷

    ঘগ্ৰাপাৰৰ ওচৰৰ বৰাজোলৰ এটা দৰিদ্ৰ পৰিয়ালৰ পৰা আহি মেধাৰ বলত নলবাৰী মহাবিদ্যালয়ত অধ্যাপক পদত কৰ্মৰত কলিতাই জাপাৰকুছিৰ মইনপুৰত পৰিয়ালৰ সৈতে বসবাস কৰিছিল৷ মৃত্যুৰ সময়ত পত্নী আৰু দুই কণমানি কন্যা সন্তান সহ অসংখ্য গুণমুগ্ধ ইহসংসাৰত এৰি থৈ যায়৷

    অতি নিৰ্জু, অমায়িক অধ্যাপক গৰাকীৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে নলবাৰী কলেজৰ অধ্যাপক অধ্যাপিকাৰ তথা নলবাৰীৰ লগতে জন্ম গাঁও বৰাজোলত শোকৰ ছাঁ পেলাইছে৷


    দুদিন পূৰ্বে নলবাৰী মহাবিদ্যালয়ৰ পৰা ছাত্ৰছাত্ৰীৰ লগত শিক্ষামূলক ভ্ৰমণৰ বাবে মানসলৈ গৈছিল৷ ফূৰ্তিবাজ শিক্ষক গৰাকীয়ে ভ্ৰমণৰ সময়ত ছাত্ৰছাত্ৰীৰ সৈতে আনন্দ উল্লাস কৰিছিল৷ এনে এগৰাকী ছাৰৰ অকাল মৃত্যুত মৰ্মাহত হোৱা ছাত্ৰছাত্ৰী আহি নলবাৰী শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ৰ মৰ্গৰ চৌহদত ভিৰ কৰি কান্দোনত ভাঙি পৰিছে৷

    নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds